NORTHEAST NOW (Assamese)
অসম

হাজোত হত্যাকাণ্ড, পোহৰলৈ শিক্ষাখণ্ডত চলিত “ভাৰা” শিক্ষকৰ ভয়ংকৰ কাহিনী

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা October 13, 2019 5:13 pm
Teacher murder Assam Hajo

মৰিগাঁৱৰ পৰা “ভাৰা”ত আহি হাজোত শিক্ষকতা কৰা এজন লোকৰ ক্ষত-বিক্ষত মৃতদেহ দেওবাৰে ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ কৰা হৈছে।

নিহত শিক্ষকজনক প্ৰদীপ দাস বুলি চিনাক্ত কৰা হৈছে।

উদ্ধাৰ হোৱা মৃতদেহটো অৱস্থাৰ পৰা ধাৰণা কৰা হৈছে, শিক্ষকজনক হাত-ভৰি বান্ধি হানি-খুচি হত্যা কৰা হৈছে।

হাজোৰ গাওঁবুঢ়া পাম চৰত হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

জানিব পৰা মতে, দাসে যোৱা বহু বছৰ ধৰি ইন্দিৰা গান্ধী প্ৰাথমিক বিদ্যালয়ত “ভাৰাতীয়া শিক্ষক” হিচাপে কাম কৰি আহিছিল।

শুৱালকুছি নদী আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

কোনে কি কাৰণত শিক্ষকজনক হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু হত্যাকাণ্ডটোৱে অসমত চলি থকা “ভাৰা” শিক্ষকৰ ভয়ংকৰ জালিয়াতিও পোহৰলৈ আনিছে।

খবৰ মতে, হত্যাৰ বলি হোৱা প্ৰদীপ দাসক “ভাৰা”ত শিক্ষকতাত লগাই চৰকাৰী দায়িত্বত থকা শিক্ষকজনে ঘৰত বহি দৰমহা খাই আছে।

ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।