NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাছাৰ বিয়োগত মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ February 3, 2018 9:36 pm
G_C_Langthasa-570x320

এন ই নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাছাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

শোকবাৰ্তাটো মুখ্য মন্ত্ৰীজনে বিশিষ্ট ৰাজনীতিক তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰলৈ সেৱা আগ বঢ়োৱাৰ উপৰি ডিমা হাচাওৰ আৰ্থ-সামাজিক উত্তৰণৰ দিশত আহ বঢ়োৱা বৰঙনিৰ কথা জনসাধাৰণে স্মৰণ কৰিব বুলি কয়। প্ৰাক্তন মন্ত্ৰীজনৰ মৃত্যু ৰাজ্যবাসীৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয়।

মুখ্য মন্ত্ৰী সোণোৱালে লাংথাছাৰ বিদেহ আত্মাই শান্তি পোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসমৰ প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাছাৰ শনিবাৰে ৰাতিপুৱা দেহাৱসান ঘটিছিল। তেওঁ দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিল। মৃত্যুৰ সময়ত লাংথাছাৰ বয়স হৈছিল ৮৬ বছৰ।