NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাই প্ৰেছ ক্লাৱৰ ব্যতিক্ৰমী অনুষ্ঠান “শৰতৰ জোনাকত এখন্তেক”

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা October 14, 2019 7:19 am
IMG_20181025_192147

কৃষ্ণাই প্ৰেছ ক্লাৱৰ শাৰদীয় বিশেষ অনুষ্ঠান “শৰতৰ জোনাকত এখন্তেক……” শীৰ্ষক এই ব্যতিক্ৰমী অনুষ্ঠানটো আজি সন্ধিয়া অনুষ্ঠিত হব ৷

গোৱালপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ৰ বাকৰিত অনুষ্ঠিত হব লগা এই ব্যতিক্ৰমী অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰিব বিশিষ্ট শিল্পী ৰহিমা কলিতা বেগমে৷

শৰতৰ জোনাকত এখন্তেক অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব দলগোমা আঞ্চলিক  মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গংগেশ কলিতাই।

কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হকৰ সঞ্চালনাত  অনুষ্ঠিত হব লগা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰীমা দাস।

অতিথি হিচাবে উপস্থিত থাকিব গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষ সুশান্ত বিশ্ব শৰ্মা, কবি বিপুল শৰ্মা, নন্দ কিশোৰ ভূঞা,সাংবাদিক মনোজ আগস্তি আৰু ৰঞ্জিত শৰ্মাই।

অনুষ্ঠানত স্থানীয় কবি অংকনা চক্ৰৱৰ্তীৰ “বিৱৰ্ণ ৰাতিৰ গান” কবিতা পুথিখনৰ উন্মোচন কৰিব জিলাখনৰ আৰক্ষী অধীক্ষ সুশান্ত বিশ্ব শৰ্মাই ৷