NORTHEAST NOW (Assamese)
অসম

সংখ্যা‌লঘু ৰাইজে ভয়তে কংগ্ৰেছ‌ক ভোট দিছিল : জনীয়া‌ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস October 15, 2019 6:44 am
WhatsApp Image 2019-10-14 at 4.50.10 PM

“কংগ্ৰেছৰ শাসনত দেশত সঘনাই সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল ৷ সংখ্যা‌লঘু ৰাইজে ভয়তে কংগ্ৰেছ‌ক ভোট দিছিল ৷” এই মন্তব্য নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত,স্বাস্থ্য,গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা‌ৰ ৷

জনীয়া উপ নিৰ্বাচনৰ বাবে সোমবাৰে জনীয়া‌ত অনুষ্ঠিত এখন নিৰ্বাচনী জনসভাত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সংখ্যা‌লঘু ৰাইজে ভয়তে কংগ্ৰেছ‌ক ভোট দিছিল বাবে সংখ্যা‌লঘু ৰাইজৰ উন্নয়ন হোৱা নাছিল ৷

ভাষণ প্ৰসংগ‌ত মন্ত্ৰী‌ গৰাকীয়ে লগতে কংগ্ৰেছ, এআইয়ুডিএফ আদি দলৰ প্ৰাৰ্থী‌ক ভোট দিলে অঞ্চলটো ভেন্সাৰ হৈ থাকিব বুলি উপলুঙা কৰি বিজেপি প্ৰাৰ্থী‌ক ভোট দিলে তেণ্ডুলকাৰৰ দৰে ছেঞ্চুৰী মাৰিব পাৰিব বুলি ৰসাল মন্তব্য প্ৰদান কৰে।

জনীয়া বিধানসভাৰ উপ-নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানক ভোট দিবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷

বিজেপিৰ মন্দিয়া ব্লক মণ্ডল কমিটিৰ সভাপতি গজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভাত সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে যুৱনেতা অধিবক্তা ছহিদুল ইছলামে।

উক্ত নিৰ্বাচনী সভাতো শাসকীয় দলটোৱে হেলিকপ্টাৰৰ চমক দেখুৱায় ৷