NORTHEAST NOW (Assamese)
Popular Stories

আপোনাৰ টকা ভুলতে আনৰ একাউণ্টত সোমালে এনেদৰে ওভতাই পাব পাৰিব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2019 6:16 pm
Unlimited free: Mobal to take on Jio

তথ্য প্ৰযুক্তিৰ এই দ্ৰুত সম্প্ৰসাৰণৰ যুগত আমাৰ দৈনদিন জীৱনত ইণ্টাৰনেট বেংকিঙৰ প্ৰয়োজনীয়তাৰ কথা নিশ্চয় কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই।

আজিৰ দিনত টকা-পইছা লেনদেনৰ ক্ষেত্ৰত বেংকৰ দীঘলিয়া শাৰীত ৰৈ থকাৰ প্ৰয়োজন নাই। মুহূৰ্তৰ ভিতৰতে হাতত থকা মোবাইলৰ জৰিয়তে কোনো ব্যক্তিলৈ টকা-পইছা পঠাব পাৰি।

অৱশ্যে এনে ধৰণৰ লেনদেনৰ সময়ত আমাৰ সকলোৰে মনত এটা ভয় থাকে – ভুলতে যদি দিবলগীয়া ব্যক্তিজনৰ ঠাইত বেলেগৰ একাউণ্টলৈ টকাখিনি ট্ৰেন্সফাৰ কৰা হয়! কি হ’ব তেতিয়া?

চিন্তা নকৰিব অসাৱধানবশত হোৱা এনেধৰণৰ ‘ভুল’ কেছ ট্ৰেঞ্জেকশ্যনৰো সমিধান আছে। আপুনি যদি কেতিয়াবা এনে পৰিস্থিত পৰে তেন্তে তলত দিয়া উপায় কেইটা অৱলম্বন কৰক :

১ নং পদক্ষেপ

আপোনাৰ বেংকক জনাওক

আপোনাৰ ফালৰ পৰা ভুল ট্ৰেঞ্জেকশ্যন হোৱা বুলি গম পোৱা মাত্ৰকে ফোন বা মেইল কৰি বেংকক জনাওক। যদি তেতিয়াও কামত নাহে, বেংকৰ মেনেজাৰৰ সৈতে কথা পাতক।

বেংকক আবেদন কৰোতে লেনদেনৰ তাৰিখ, সময়, আপোনাৰ একাউণ্ট নম্বৰ আৰু আপুনি ভুলতে টকা ট্ৰেন্সফাৰ কৰা একাউণ্টোৰ নম্বৰ দিবলৈ নাপাহৰিব।

ইয়াৰ উপৰি আপুনি যে ৰিফাণ্ড বিচাৰিছে সেই কথা আবেদনত উল্লেখ থকা দৰকাৰ। তেতিয়া ভুলতে টকা সোমোৱা একাউণ্টোৰ গৰাকীজনক টকাখিনি ওভতাই দিবলৈ ক’বলৈ বেংকৰ সুবিধা হয়।

এইক্ষেত্ৰত ভুল লেনদেনটোৰ স্ক্ৰিনশ্বটে আপোনাৰ আবেদনক অধিক বিশ্বাসযোগ্য কৰি তোলে।

২ নং পদক্ষেপ

আইনী ব্যৱস্থা

যদিহে ভুলতে টকা সোমোৱা ব্যক্তিজনে টকাখিনি আপোনাক ঘূৰাই দিবলৈ অমান্তি হয় তেতিয়া আপুনি আদালতৰ দ্বাৰস্থ হ’ব পাৰে।

উক্ত একাউণ্টোৰ গৰাকীজনৰ বিৰুদ্ধে গোচৰ তৰিবলৈ আপুনি আপোনাৰ বেংকক অনুৰোধ জনাব পাৰে। ৰিজাৰ্ভ বেংকৰ নিয়মাৱলী অনুসৰি ভুক্তভোগী গৰাকীলৈ ৰিফাণ্ডৰ ব্যৱস্থা কৰাটো নিৰ্দিষ্ট বেংকটোৰ দায়িত্ব।