NORTHEAST NOW (Assamese)
অসম

ভোটাৰ তালিকাৰ পৰীক্ষণ সম্পর্কে বোকাখাতত নির্বাচনী বিভাগৰ সজাগতা সভা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 16, 2019 3:40 pm

বোকাখাতৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বােকাখাত নির্বাচনী বিভাগৰ উদ্যোগত যোৱা ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী সন্দৰ্ভত এখনি সজাগতা সভাৰ অনুষ্ঠিত হয় । এই সভাত গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ মুঠ ৩৩খন বিদ্যালয়ৰ শতাধিক শিক্ষক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

সভাত বােকাখাতৰ নির্বাচনী বিষয়া নাতাশা বৰাই “ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচী”ৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। বিষয়াগৰাকীয়ে উপস্থিত শিক্ষকসকলক ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী সম্পর্কে সকলোৰে মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ অধীনত “ভোটাৰ হেল্পলাইন মোবাইল এপ”, “এন ভি এস পি পোৰ্টেল (wwwnvsp.in)”, “ভােটাৰ সহায়তা কেন্দ্র” তথা ভোটাৰ হেল্প লাইন নম্বৰ ১৯৫০ (বিশেষভাবে সক্ষম লােকৰ বাবে)ৰ জৰিয়তে ভােটাৰ ৰাইজে ভােটাৰ তালিকা পৰীক্ষণ কৰাৰ লগতে তথ্যৰ শুদ্ধতা নিশ্চিত কৰিব পাৰিব।

সভাত নিশিতা বৰাই শিক্ষকসকলে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। বোকাখাত মহকুমাৰ নির্বাচনী বিভাগে ইতিমধ্যেই তােটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী ১০০ শতাংশ সফল কৰি তুলিবৰ বাবে বিভিন্ন অঞ্চলত বহু কেইখন সজাগতা সভা আয়োজন কৰিছে।

আনহাতে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ তথ্য পৰীক্ষণ কাৰ্যসূচীৰ সময়সীমা ১৮ নৱেম্বৰ, ২০১৯ লৈকে বৃদ্ধি কৰিছে বুলি আজি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ সজাগতা সভাত বোকাখাতৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন তেৰন , সমল শিক্ষক দীপেন সন্দিকৈৰ উপৰিও বোকাখাত সাংবাদিক সস্থা আৰু বোকাখাত প্ৰেছ ক্লাবৰ প্ৰতিনিধিও উপস্থিত থাকে।