NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা ছুপাৰ মডেল বেলা হাদিদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2019 5:48 pm

আমেৰিকান ছুপাৰ মডেল বেলা হাদিদ (Bella Hadid) হৈছে বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা। গ্ৰীক গণিতশাস্ত্ৰৰ সূত্ৰ প্ৰয়োগ কৰি এই মত আগবঢ়াইছে বিজ্ঞানীৰ এটা দলে।

লণ্ডনৰ হাৰ্লি ষ্ট্ৰীটৰ বিশিষ্ট ফে’চিয়েল কসমেটিক ছাৰ্জনৰ ড০ জুলীয়ান ডি ছিল্ভাৰ নেতৃত্বত বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা নিৰ্ণয় কৰা এডল বিজ্ঞানীয়ে ‘গ’ল্ডেন ৰেচিঅ’ অৱ বিউটি ফাই ষ্টেণ্ডাৰ্ডছ’ৰ অনুসৰি বেলা হাদিদৰ মুখমণ্ডল নিখুঁততাৰ আটাইতকৈ কাষ ছাপে বুলি কয়, আয়াৰলেণ্ডৰ ৱেবছাইট goss.ieৰ এক বাতৰিত প্ৰকাশ।

বাতৰিটোত প্ৰকাশ পোৱা মতে গল্ডেন ৰেছিঅ’ অনুসৰি ২৩ বছৰীয়া মডেলগৰাকীৰ ৯৪.৩৫ শতাংশ নিখুঁত মুখমণ্ডল আছে।

‘Golden Ratio’ হৈছে গাণিতিক অনুপাত। ইয়াৰ দ্বাৰা কোনো বস্তুত থকা ‘সৌন্দৰ্য্য’ৰ মাপকাঠি নিৰ্ণয় কৰিব পাৰি।

উক্ত অনুপাত অনুসৰি আমেৰিকাৰ জনপ্ৰিয় গায়িকা বিয়নচি’ (Beyoncé) এই তালিকাৰ দ্বিতীয় স্থানত আছে। তেওঁৰ মুখমণ্ডল ৯২.৪৪ শতাংশ নিখুঁত।

আনহাতে আমেৰিকান অভিনেত্ৰী এম্বাৰ হাৰ্ড (Amber Heard) ৯১.৮৫ শতাংশৰে তৃতীয় আৰু প’পষ্টাৰ এৰিয়ানা গ্ৰাণ্ড (Ariana Grande) ৯১.৮১ শতাংশৰে তালিকাৰ চতুৰ্থ স্থানত আছে।