NORTHEAST NOW (Assamese)
অসম

শিৱদ’লত পূজা-অৰ্চনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 16, 2019 7:15 pm

আজি সন্ধিয়া শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত পূজা কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সন্ধিয়া প্ৰায় ৫.৩০ বজাত দৌল চৌহদত উপস্থিত হয় মুখ্য মন্ত্ৰী গৰাকী।

উপস্থিত হোৱাৰ লগে লগেই গায়েন-বায়েনে আদৰি অনা হয় মুখ্য মন্ত্ৰীৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাক।

শিৱ দ’লত পূজা কৰাৰ লগতে সন্ধিয়াৰ  আৰতিত অংশ লয় মুখ্য মন্ত্ৰী গৰাকীয়ে।

পূজাৰ অন্তত মুখ্য মন্ত্ৰীয়ে সাংবাদিকৰ আগত দেশৰ তথা ৰাজ্যৰ উন্নতিৰ বাবে, ৰাজ্যৰ জনতাৰ মাজত মিলা প্ৰিতি, সমন্বয় একতা অটুত থাকে আৰু লগতে ৰাজ্যখন উন্নয়নৰ দিশে আগুৱাই যাব পাৰে তাৰ বাবে ভগৱান  শিৱৰ আৰ্শীবাদ বিচৰা বুলি মন্তব্য কৰে।

তাৰোপৰি এই পবিত্ৰ স্থানত কোনো ৰাজনীতিৰ কথা নকওঁ বুলি মন্তব্য কৰে মুখ্য মন্ত্ৰীয়ে।

উল্লেখযোগ্য যে আজি বিয়লি শিৱসাগৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাতি শিৱসাগৰতে কটাই পুৱা সোণাৰিলৈ যাব নিৰ্বাচনী প্ৰচাৰৰ বাবে।