NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত মাৰণাস্ত্ৰ জব্দ; এজনক আটক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 17, 2019 2:39 pm

ৰে’লৱে আৰক্ষীয়ে বুধবাৰে নিশা গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত চলোৱা এক তালাচীত অবধ আসাম এক্সপ্ৰেছ ট্ৰেইনখনৰ এটা ডবাৰ পৰা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা মাৰনাস্ত্ৰ সমূহৰ ভিতৰত আছে এটা .২২ পিষ্টল আৰু ২২ জাঁই সক্ৰিয় গুলী।

অবৈধ মাৰণাস্ত্ৰখিনি কঢ়িয়াই অনাৰ সন্দেহত ৰেইলৱে আৰক্ষীয়ে এজন লোকক আটক কৰিছে। ধৃত লোকজনক সুভাষ সিং বুলি চিনাক্ত কৰা হৈছে।

ট্ৰেইনখনৰ SA1 দবাৰ ১১ নং আসনত এটা নীলা ৰঙৰ বেগত মৰণাস্ত্ৰখিনি ভৰাই অনা হৈছিল।

ৰে’লৱে আৰক্ষীৰ এক সূত্ৰই কয় যে বৰ্তমান লোকজনক ৰে’লৱে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও তেওঁ বেগটো অনা নাছিল বুলি কৈ আছে।

ডিমাপুৰ বা ডিফুৰ পৰা এই মৰণাস্ত্ৰখিনি আনিছিল বুলি সন্দেহ কৰিছে ৰে’লৱে আৰক্ষীয়ে। কিন্তু ক’লৈ নি থকা হৈছিল সেই সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো তথ্য লাভ কৰিব পৰা নাই।

অধিক তথ্যৰ বাবে ৰেইলৱে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।