NORTHEAST NOW (Assamese)
অসম

যোৰহাটত অবতৰীয়া ধুমুহাই তচনচ কৰিলে বহুতো বাসগৃহ, প্ৰাণ গ’ল এজন যুৱকৰ

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য October 21, 2019 5:54 pm
IMG-20191021-WA0039

সোমবাৰে ৰাতিপুৱা যোৰহাট আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহত হোৱা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত যোৰহাট চহৰখনৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে এজন যুৱকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে।

যোৰহাট দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰাণ কিশোৰ গগৈ নামৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি যুৱকজনে বজ্ৰপাতৰ ফলত মৃত্যুবৰণ কৰে।

যুুৱকজন যোৰহাট চহৰৰে সমীপৱৰ্তী গড়মূৰ দুলীয়াগাঁৱৰ দেৱজিৎ দাস বুলি চিনাক্ত কৰিছে।

এই ধুমুহাত গছ-গছনি ভাঙি পৰাত ঘৰ-দুৱাৰৰ যথেষ্ট অনিষ্ট হোৱাৰ লগতে চহৰখনৰ বাট-পথ বন্ধ হৈ পৰে। ফলত কিছু সময়ৰ বাবে চহৰখনত সাধাৰণ জন-জীৱন ব্যাহত হৈ পৰে।

IMG-20191021-WA0042
ফটো : নৰ্থ-ইষ্ট নাও

ইফালে এই ধুমুহা জাকৰ ফলত চহৰখনৰ বিস্তৃত অঞ্চলৰ বিদ্যুৎ পৰিবাহী খুটা বাগৰি পৰাৰ ফলত সমগ্ৰ চহৰখনতে বিদ্যুৎ সংযোগ ব্যাহত হয়।

ধুমুহাৰ ফলত ডি চি বি কলেজ আৰু ক্ৰিচেণ্ট একাডেমিৰো যথেষ্ট ক্ষতিসাধন হৈছে। ইয়াৰ উপৰি টোকলাই টি ৰিচাৰ্ছ ইনষ্টিটিউট আৰু মিশ্যন হাস্পতালৰ চৌহদত থকা গছ-গছনিৰ লগতে বিভিন্ন খুটাও ভাঙি পৰে বুলি জানিব পৰা গৈছে।

প্ৰচণ্ড ধুমুহা জাকত চহৰখনৰ প্ৰায় ১২ৰ পৰা ১৫টা বিদ্যুতৰ খুটা ভাঙি পৰা বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইয়াৰে অধিকাংশ এ টি ৰোডৰ বুলি জানিবলৈ দিয়ে।

ইফালে জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত এলেকা সমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।