NORTHEAST NOW (Assamese)
Popular Stories

সাৱধান!! দীপাৱলীত ফটকা ফুটালে ১০ কোটি টকাৰ জৰিমনাৰ লগতে হ’ব পাৰে জেইল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2019 4:29 pm
Burning of firecrackers

যদিহে দীপাৱলীত আপুনি ফটকা ফুটোৱাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়াৰে পৰা সাৱধান হওঁক নহ’লে দীপাৱলীৰ আনন্দৰ মাজত আপুনি জেইল পৰ্য্যন্ত যাব লগীয়া হ’ব পাৰে লগতে ভৰিব লগা হ’ব পাৰে বৃহৎ পৰিমানৰ জৰিমনা।

পৰিবেশ সংৰক্ষণ আইন অনুসৰি প্ৰদূষণ সৃষ্টি কৰা লোকসকলক পাঁচ বছৰৰ পৰা সাত বছৰলৈ জেইললৈ পঠোৱাৰ লগতে জৰিমনা আদায় লোৱাৰো নিয়ম আছে।

উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ উপাধ্যক্ষ তথা জ্যেষ্ঠ অধিবক্তা জীতেন্দ্ৰ মোহন শৰ্মা আৰু অধিবক্তা কালিকা প্ৰসাদ কালাই কয় যে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে পৰিৱেশ সংৰক্ষণ অধিনিয়ম আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ অধিনিয়ম বনোৱা হৈছে।

ইয়াৰ উপৰি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, সকলো ৰাজ্যৰে ৰাজ্য প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড আৰু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল গঠন কৰা হৈছে। এই সকলক বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধিকাৰ দিয়া হৈছে।

অধিবক্তা কালিকা প্ৰসাদ কালাই কয় যে পৰিৱেশ প্ৰদূষিত কৰা লোকক তিনি বছৰৰ শাস্তি আৰু ১০ কোটি টকা জৰিমনা বিহাৰ সম্পূৰ্ণ অধিকাৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলক দিয়া হৈছে।

অধিবক্তা কালাই আৰু কয় যে যদি কোনো কোম্পানিয়ে পৰিৱেশ প্ৰদূষিত কৰে তেন্তে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে সেই কোম্পানিটোৰ ওপৰত ২৫ কোটি টকাৰ জৰিমনা বিহিব পাৰে। ইয়াৰ পিছতো যদি প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত কোম্পানিয়ে ব্যৱস্থা নলয় তেন্তে কোম্পানিৰ বিৰুদ্ধে দৈনিক হিচাপত ১ লাখ টকাকৈ জৰিমনা বিহাৰ ব্যৱস্থা আছে।