NORTHEAST NOW (Assamese)
Popular Stories

শংকৰ চাহ বাগিচাৰ অপহৃত কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেবক মুকলি আলফা (স্বা:)ৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 23, 2019 8:48 pm

তিনিচুকীয়া জিলাৰ শংকৰ চাহ বাগিচাৰ অপহৃত কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেবক আলফা স্বাধীনে মুকলি কৰি দিয়ে।

আজি সন্ধিয়া আলফা স্বাধীনৰ সদস্যই তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিচাত হেড ফিটাৰ হিচাপে কৰ্মৰত গৌৰাংগ দেবক অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ আশেপাশে মুকলি কৰি দিয়ে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

অসম আৰু অৰুণাচল প্ৰদেশত চলা তীব্ৰ অভিযানৰ বাবেই অপহৃতক মুকলি কৰি দিয়া হয় বুলি সূত্ৰটোৱে উল্লেখ কৰে।

অপহৃত কৰ্মচাৰী গৰাকী ইতিমধ্যে তেওঁক মুকলি কৰি দিয়া স্থানৰ পৰা অৰুণাচলৰ বাছেৰে আহি ডুমডুমাৰ শংকৰ চাহ বাগিচাস্থিত নিজ আৱাসত উপস্থিত হৈছে।

উল্লেখযোগ্য যে যোৱা ১১ অক্টোবৰৰ সন্ধিয়া সামৰিক পোছাকত অহা এটা চাৰিজনীয়া অস্ত্ৰধাৰী অপহৰণকাৰী দলে বাগিচাখনৰ পৰাই গৌৰাংগ দেবক অপহৰণ কৰি নিছিল।পিছত আলফা (স্বা:)এ অপহৰণৰ কথা স্বীকাৰ কৰে।

কালি অৰ্থাৎ মঙলবাৰে আলফা (স্বা:)ৰ সদস্যই দেবৰ ঘৰলৈ ফোন কৰি তেওঁ সুস্থ অৱস্থাত আছে বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল।