NORTHEAST NOW (Assamese)
অসম

কি সাংঘাতিক নতুন ফিচাৰ আহিছে WhatsAppত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2019 4:45 pm
whatsApp WhatsApp launches new Blacklist feature

জনপ্ৰিয় মেছেজিং এপ ৱটচএপত আহিছে এক সাংঘাতিক নতুন ফিচাৰ।

খবৰমতে, আইফ’ন ব্যৱহাৰকাৰীৰ বাবে এই নতুন বুমেৰাং ফিচাৰটো ৱটচএপে ইতিমধ্যে মুকলি কৰিছে।

আইফ’নৰ বাবে মুকলি কৰা এই বিটা ভাৰ্জনটো হৈছে 2.19.100 (।)

কিয় সাংঘাতিক এই নতুন ফিচাৰ?

ইনষ্টাগ্ৰামৰ দৰে ৱটচএপ ইউজাৰেও এতিয়া ব্যৱহাৰ কৰিব পাৰিব বুমেৰাং।

কাৰণ এই ফিচাৰৰ যোগেদি আপুনি যিকোনো অ’ডিঅ’, ভিডিঅ’ আৰু ফ’ট’ এদিট কৰিব পাৰিব।

আৰু এই নতুন ফিচাৰৰ যোগেদি সেইসমূহৰ শ্বৰ্টকাটো উপলব্ধ হ’ব।

ৱটচএপৰ লগতে ইনষ্টাগ্ৰাম আৰু ফে’চবুক– এই তিনিওটা চ’চিয়েল মিডিয়া ফে’চবুক মালিকানাধীন।