NORTHEAST NOW (Assamese)
অসম

এন আৰ চি, নাগৰিকত্ব বিধেয়ক প্ৰসংগত নিজ বাসভৱনত দলীয় নেতৃত্বৰে বৈঠক কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 25, 2019 7:20 pm
Sonia Gandhi SPG cover to Gandhis withdrawn: report

কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ সভাপতিত্বত শুকুৰবাৰে নতুন দিল্লীত এন আৰ চি আৰু নাগৰিকত্ব বিধেয়ক সম্পৰ্কত অনুষ্ঠিত হোৱা কংগ্ৰেছ কেন্দ্ৰীয় কমিটিৰ বৈঠকত প্ৰকৃত ভাৰতীয় নাগৰিকক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ পূৰ্বৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ছোনিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত জেষ্ঠ কংগ্ৰেছী নেতা ক্ৰমে কে চি বেণুগোপাল, মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, পিয়ুষ শান্তিবিশ্বাস, সুস্মিতা দেৱ, গৌৰৱ গগৈ, আহমেদ পেটেল আদিয়ে অংশগ্ৰহণ কৰে।

বৈঠকত অংশগ্ৰহণ কৰা এগৰাকী কংগ্ৰেছী নেতাই সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰসংগ উল্লেখ কৰি তেওঁলোকে কোনো ভাৰতীয় লোকৰ হাৰাশাস্তি সহ্য নকৰে বুলি কয়।

আনহাতে, কেন্দ্ৰ চৰকাৰে সংসদত উত্থাপন কৰিবলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত মত প্ৰকাশ কৰি বৈঠকত অংশলোৱা এগৰাকী জেষ্ঠ কংগ্ৰেছী নেতাই বিধেয়ক সম্পৰ্কত তেওঁলোকৰ স্থিতি স্পষ্ট বুলি কোৱাৰ লগতে নাগৰিকত্ব বিধেয়কে অসম চুক্তিক অৱমাননা কৰিব বুলি মন্তব্য কৰে।

শুকুৰবাৰে বৈঠকত এন আৰ চিকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত কংগ্ৰেছ দলৰ শেহতীয়া স্থিতি সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় বুলি জানিব পৰা গৈছে।

দলীয় বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশত পোষকতা কৰা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত দিয়া মন্তব্য সন্দৰ্ভতো আলোচনা কৰা হয়।

আচৰিতভাৱে, ভাৰত বৰ্ষত এন আৰ চি উন্নীতকৰণ প্ৰসংগত কোনোধৰণৰ মত প্ৰকাশ কৰা নাই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘয়।