NORTHEAST NOW (Assamese)
অসম

আজি ঘৰুৱা দৰ্শকৰ সন্মুখত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে খেলপথাৰত নামিব অসম সন্তান বিনীত ৰায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2019 8:56 am
Vinit Rai

ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি চলিত আই এছ এলত অভিযান আৰম্ভ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে দ্বিতীয় লীগ মেচত আজি ঘৰুৱা দৰ্শকৰ সন্মুখত ওড়িশা এফ চিৰ মুখামুখি হ’ব।

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া খেলখনত আপেক্ষিকভাৱে দুৰ্বল প্ৰতিপক্ষ ওড়িশাৰ বিৰুদ্ধে জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড।

ইতিমধ্যে প্ৰশিক্ষক ৰবাৰ্ট জাৰ্ণিয়ে সংবাদমেল যোগে সম্পূৰ্ণ শক্তিৰে তেওঁৰ দলে খেলপথাৰত নমাৰ ইংগিত দিছে।

উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে আই এছ এলত অভিষেক ঘটা ওড়িশা এফ চিয়ে নিজৰ প্ৰথমখন খেলত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে পৰাজিত হ’ব লগা হয়।

ওড়িশা এফ চিৰ প্ৰধান অস্ত্ৰ অসম সন্তান বিনীত ৰায়ৰ খেল প্ৰত্যক্ষ কৰাৰ বাবে গুৱাহাটীত যথেষ্ট দৰ্শক উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় জাতীয় দলৰো সদস্য বিনীত ৰায়ে ইতিমধ্যে প্ৰথমখন খেলত গ’ল কৰিব নোৱাৰিলেও ভাল প্ৰদৰ্শন দাঙি ধৰিছে।

আই এছ এলত ওড়িশা এফ চিৰ সৈতে চুক্তিবদ্ধ হোৱা চেন্ট্ৰেল মিডফিল্ডাৰ গৰাকীয়ে আজিৰ খেলখনত অসমৰ দৰ্শকে তেওঁক সমৰ্থন কৰিব বুলি আগ্ৰহী হৈ আছে।

আনহাতে, বাংগালুৰু এফ চিৰ বিৰুদ্ধে গ’ল শূন্যভাৱে সমাপ্ত হোৱা প্ৰথমখন খেলৰ পাছত গ’লৰ মাজলৈ উভতিব বুলি নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক জাৰ্ণি আশাবাদী হৈ আছে।