NORTHEAST NOW (Assamese)
Popular Stories

পঞ্চমবাৰৰ বাবে এ আই য়ু ডি এফৰ সভাপতি পদত বদৰুদ্দিন আজমল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 26, 2019 4:40 pm

পুনৰবাৰ এ আই য়ু ডি এফৰ সভাপতিৰ পদত বদৰুদ্দিন আজমল। আজি গুৱাহাটীৰ মনীষা বিবাহ ভৱনত অনুষ্ঠিত হোৱা দলৰ সাধাৰণ পৰিষদৰ সভাত আজমল পুনৰবাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।

সভাত জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামে আজমলৰ নামটো প্ৰস্তাৱ দিয়ে আৰু এই প্ৰস্তাৱ সমৰ্থন জনায় ৰাধেশ্যাম বিশ্বাসে। এইবাৰৰ সৈতে দলটো জন্ম হোৱাৰে পৰা পঞ্চমবাৰৰ বাবে আজমল সভাপতি নিৰ্বাচিত হৈছে।

সভাপতি নিৰ্বাচিত হৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা প্ৰসংগত তৰুণ গগৈয়ে কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘তেওঁক প্ৰাক্তন মুখ্য মন্ত্ৰী হিচাপে মই জানো, তেওঁ ভাল মানুহ। তেওঁ মিত্ৰতাৰ কথা ক’লে নহ’ব, দলৰ সভাপতি ৰিপুন বৰা, দলপতি দেৱব্ৰত শইকীয়াৰ পৰাটো কোনো লিখিত প্ৰস্তাৱ অহা নাই। যদি আহে তেতিয়া আমাৰ দলে চিন্তা কৰিব।’

ইপিনে গোটেই ভাৰততে কংগ্ৰেছ শূণ্য হৈ গ’ল বুলি মন্তব্য কৰি আজমলে কয় ‘অসমত কংগ্ৰেছ জিৰ’ আৰু আমি এতিয়া হিৰো। আমাৰ এটাত দিছিলোঁ এটাতে জিকিছো, কংগ্ৰেছ চাৰিটাতে হাৰিছে।’

‘অসমত প্ৰথম দল হিচাপে ক্ষমতাত বিজেপি আৰু দ্বিতীয় হিচাপে ইনচাল্লাহ এ আই য়ু ডি এফ।’ আজমলে লগতে কয়।

ইপিনে শিলাদিত্যক সমালোচনা কৰি আজমলে কয়, ‘সি এটা পাগল, পাগলৰ নিচিনা বকি থাকে। সি ক্ষমা বিচাৰিব লাগে। এন আৰ চিত যাৰ নাম আহিছে আৰু ভোটাৰ লিষ্টত নাম থকা সকলেই ভোট দিছে।’