NORTHEAST NOW (Assamese)
অসম

উন্মোচন হ’ল পাৰিজাত সন্দিকৈৰ ‘জাৰজ সন্তানৰ মাতৃ’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 27, 2019 6:43 am
82f483a2-b9cb-4847-9d02-b04b7d6040b9

শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হ’ল লেখিকা পাৰিজাত সন্দিকৈৰ দ্বাৰা ৰচিত উপন্যাস ‘জাৰজ সন্তানৰ মাতৃ।‘

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে বিশেষজ্ঞ তথা সংগীত শিল্পী ডা০ হিতেশ বৰুৱা, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সম্পাদক সঞ্জীৱ ফুকনে।

গ্ৰন্থখন উন্মোচন কৰি দুয়োগৰাকী উন্মোচকে সন্দিকৈক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে বহু গ্ৰন্থ লিখি উলিয়াবলৈ অনুপ্ৰেৰণা যোগায়।

স্বামী, শহুৰ-শাহু আৰু দুটি সন্তানৰ জ্ঞাতসাৰে প্ৰেমত পৰি প্ৰেমিকৰ সন্তানক জন্ম দি, ডাঙৰ কৰি প্ৰেমিক পুৰুষজনক তেওঁৰ সন্তানক গতাই দিয়া এক নাৰীৰ কাহিনী উপন্যাসখনত বৰ্ণনা আছে বুলি লেখিকাই জানিবলৈ দিয়ে।

‘মই উপন্যাসখনত নায়িকাগৰাকীয়ে এটি জাৰজ সন্তান জন্ম দিয়াৰ কাৰণে নাৰী-পুৰুষ আৰু সমাজ কাকোৱেই দোষী সজাব বিচৰা নাই,‘-সন্দিকৈয়ে কয়।

ইয়াৰ পূৰ্বেও সন্দিকৈৰ দুখন উপন্যাস প্ৰকাশ পাইছিল। সেইকেইখন ক্ৰমে,  ‘অনন্যা’ আৰু জকাই সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ভদ্ৰ কৃষ্ণ গোস্বামীৰ জীৱনৰ আধাৰত ৰচিত জীৱনী গ্ৰন্থ ‘জীৱন এষণা’।