বিপিএফৰ মণ্ডল সমিতিয়ে প্ৰস্তুত কৰা কেলেণ্ডাৰত তাৰিখৰ বিসংগতি

বড়োলেণ্ড পিপল’ছ ফ্ৰণ্ট চমুকৈ বিপিএফৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ছবি সম্বলিত এখন ২০১৮ বৰ্ষৰ তাৰিখৰ বিসংগতি থকা কেলেণ্ডাৰ প্ৰস্তুত কৰি উলিয়াইছে ওদালগুৰি জিলাৰ নোনাই ছাৰফাং মণ্ডল সমিতিয়ে।
কেলেণ্ডাৰখনত ফেব্ৰুৱাৰি মাহটো আমি জনাৰ দৰে ২৮ দিন বা ২৯ দিনৰ নহয় একেবাৰে ৩১ দিনীয়া।
বিপিএফ দলৰ ওদালগুৰি জিলাৰ নোনাই ছাৰফাং মণ্ডল সমিতিয়ে দেখুওৱা এনে কাণ্ডজ্ঞানহীনতা তথা তাৰিখৰ বিসংগতি থকা কেলেণ্ডাৰ প্ৰস্তুত কৰাৰ বাবে এতিয়া চকু কপালত উঠিছে সৰ্বসাধাৰণ ৰাইজৰ।
উল্লেখ্য যে এই বছৰৰ ফেব্ৰুৱাৰি মাহটো ২৮ দিনীয়া। কিন্তু ২৮ দিনৰ পৰিৱৰ্তে নোনাই ছাৰফাং মণ্ডল সমিতিয়ে ফেব্ৰুৱাৰি মাহটো কৰিলে ২৯, ৩০ আৰু ৩১ৰ।
এনেধৰণৰ সীমিত জ্ঞানৰ পৰিচয় দাঙি ধৰি একাংশ বিপিএফ কৰ্মীয়ে বিপিএফৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক অপমান কৰাৰ দৰে পৰিলক্ষিত হ’ল।
ইয়াৰ উপৰি এনে কাণ্ডজ্ঞানহীনতাৰ বাবে বিপিএফক সমগ্ৰ ৰাজ্যৰে সচেতন লোকে সমালোচনা কৰাৰ লগতে ছ’চিয়েল মিডিয়াটো ব্যাপক সমালোচনা হোৱা দেখা গৈছে।
এই ভূলৰ বাবে বিটিচি অঞ্চলৰ লোকসকলে বিপিএফক সমালোচনা কৰাৰ লগতে উপহাস কৰাও পৰিলক্ষিত হৈছে।
নৰ্থ-ইষ্ট নাওে এই সম্বন্ধত নোনাই ছাৰফাং মণ্ডল সমিতিৰ সভাপতি ৰঞ্জিত ডেকাৰ লগত যোগাযোগ সম্পৰ্ক কৰাত তেওঁ জানিবলৈ দিয়ে যে এই বছৰত মুঠ ৫০০০ খন কেলেণ্ডাৰ মুদ্ৰণৰ বাবে দিয়া হৈছিল।
‘৫০০০ কেলেণ্ডাৰৰ ভিতৰত আমি ইতিমধ্যে এইপৰ্যন্ত ২০০০ খন বিলাই দিছো। কিন্তু যেতিয়াই এই ভূল ধৰা পৰে লগে লগে আমি কেলেণ্ডাৰ বিতৰণ কৰাৰ পৰা বিৰত থাকো আৰু বাকী কেলেণ্ডাৰ সমূহৰো মুদ্ৰণ বন্ধ কৰিছো’, এইদৰে আমাৰ আগত মন্তব্য কৰে সভাপতি ডেকাই।
ইয়াৰ লগতে তেওঁ কয় যে তেওঁলোকৰ ভূলৰ বাবে নোনাই ছাৰফাং মণ্ডল সমিতিয়ে অতি শীঘ্ৰে তেওঁলোকে অজ্ঞাতে কৰা ভূলৰ বাবে ক্ষমা বিচাৰি সংবাদ মাধ্যম সমূহলৈ স্পষ্টীকৰণ দিব ।