NORTHEAST NOW (Assamese)
অসম

গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনেও দুটা সন্তানৰ নীতি প্ৰয়োগ কৰিব নোৱাৰে: ৰিপুন বৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2019 9:06 am
RipunBora-1140x570

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইবাৰ ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

দেওবাৰে বৰাই সংবাদ প্ৰতিষ্ঠানৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনেও কাৰো ওপৰত দুটা সন্তানৰ নীতি প্ৰয়োগ কৰিব নোৱাৰে।

তেওঁ ২০২১চনৰ জানুৱাৰিৰ পৰা দুটাতকৈ অধিক সন্তান থকা কোনো লোকে চৰকাৰী চাকৰিৰ বাবে বিবেচিত নহ’ব বুলি লোৱা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক সমালোচনা কৰে।

বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,’’আমি শিক্ষাৰ ব্যাপক প্ৰসাৰ তথা সজাগতা বৃদ্ধি কৰিব লাগিব যাতে সকলোৱে স্বত:স্ফুৰ্তভাৱে দুটা সন্তানৰ নীতি গ্ৰহণ কৰে।‘’

উল্লেখযোগ্য যে যোৱা ২১ অক্টোবৰত মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কেবিনেটে ক্ষুদ্ৰ পৰিয়ালৰ নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই অনুসৰি ১-১-২০২১চনৰ পৰা যিসকল ব্যক্তিৰ দুটাতকৈ বেছি সন্তান থাকিব তেওঁলোকক চৰকাৰী চাকৰিৰ বাবে বিবেচনা কৰা নহ’ব।

কেবিনেটৰ উক্ত সিদ্ধান্তৰ পাছতেই বিভিন্ন মহলত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে।