NORTHEAST NOW (Assamese)
অসম

সুকীয়া পতাকা, সংবিধানৰ দাবীত আঁকোৰগোঁজ NSCN(IM)-ৰ সৈতে আজি পুনৰ বৈঠক আৰ এন ৰবিৰ

Posted by: ভদ্ৰ গগৈ Updated by: ভদ্ৰ গগৈ October 30, 2019 8:29 am
Naga Peace talk

নাগা চুক্তিৰ বাবে সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ দাবীত আঁকোৰগোঁজ হৈ থকা এন এছ চি এন (আই-এম)ৰ প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰবি আজি পুনৰ বিদ্ৰোহী সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহিব।

শান্তি চুক্তিৰ বাবে সহমতত উপনীত হ’বৰ বাবে ৰবি আৰু নাগা বিদ্ৰোহী আৰু নাগা জাতীয় দলবোৰৰ প্ৰতিনিধিৰ মাজত যোৱা দুদিন ধৰি ধাৰাবাহিক বৈঠক চলিছে।

লেথাৰিকৈ হোৱা বৈঠকত নাগা নেশ্যনেল পলিটিকেল গ্ৰুপছৰ (এন এন পি জি) ৱৰ্কিং কমিটীৰ প্ৰতিনিধিসকলে সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ বিষয়টোত স্থিতি নৰম কৰিছে বুলি জানিব পৰা গৈছে যদিও এন এছ চি এন (আই-এম)ৰ স্থিতি একেই আছে।

নাম প্ৰকাশত অনিচ্ছুক এন এন পি জিৰ ৱৰ্কিং কমিটীৰ এজন সদস্যই (যিজনে আলোচনাত অংশ গ্ৰহণ কৰিছে) কৈছে যে সহমতত উপনীত হ’ব নোৱৰা যিকোনো বিষয়ত চুক্তিখনৰ পিছত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে উপনীত হ’ব পৰা যাব বুলি ৰবিয়ে জানিবলৈ দিছে।

মন কৰিব পাৰি, এইটো স্থিতি এন এন পি জিৰ ৱৰ্কিং কমিটীৰো স্থিতি আৰু ইয়াক সংবাদ মাধ্যমত মুকলিকৈ প্ৰকাশ কৰি আহিছে ৱৰ্কিং কমিটীয়ে।

আনহাতে একেজন সদস্যই ৰবিৰ মন্তব্য বুলি জানিবলৈ দি কয়, সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ বিষয়টোৱে নাগা চুক্তিক ‘পণবন্দী’ কৰিব নালাগে।

ৱৰ্কিং কমিটীৰ সদস্যজনৰ বিপৰীতে বৈঠকত অংশগ্ৰহণ কৰা এন এছ চি এন (আই এম)ৰ নেতা আ ৰেইজিঙে স্পষ্টকৈ কয়, “আলোচনা সিদ্ধান্তবিহীন। কোনো অগ্ৰগতি নাই।”

এটা বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে, দুয়োটা চৰ্তত আঁকোৰগোঁজ হৈ থকা এন এছ চি এন (আই এম)ৰ নেতাসকলৰ মাজত মতানৈক্যই ইতিমধ্যে স্পষ্ট ৰূপ লৈছে। কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী ৰবিয়ে এই মতানৈক্যৰ সুযোগ লোৱাৰ সম্ভাৱনা আছে।

আনহাতে চুক্তিত উপনীত হ’বলৈ কৰা আলোচনা ৩১ অক্টোবৰৰ পিছলৈ সম্প্ৰসাৰিত কৰাৰ কোনো সম্ভাৱনা নাই বুলি আৰ এন ৰবিয়ে স্পষ্ট কৰি দিয়াৰ কথাও ৱৰ্কিং কমিটীৰ সদস্যজনে জানিবলৈ দিয়ে।