NORTHEAST NOW (Assamese)
অসম

পৰ্যটকৰ বাবে আজি মুকলি হ’ল কাজিৰঙাৰ পূব দুৱাৰ অগৰাতলি বনাঞ্চল

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 1, 2019 11:49 am
Image_1572585158042~2

যোৱা ১২ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছত শুকুৰবাৰে পুৱা কাজিৰঙাৰ পূব দুৱাৰ অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷

এই উপলক্ষে অগৰাতলিৰ প্ৰৱেশদ্বাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰৰ উপস্থিতিত ফিটা কাটি বনাঞ্চলৰ দ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকে বনাঞ্চলটোৰ প্ৰাক্তন বনাঞ্চলিক বিষয়া ক্ৰমে ধৰণী বৰা, চেলিম আহমেদ, কৃষ্ণকান্ত দেউৰী আৰু বৰ্তমানৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা। নাৰিকল ভাঙে ফৰাছী দেশৰ দুগৰাকী পৰ্যটকে।

গীতাঞ্জলি কলিতাই আঁত ধৰা এই অনুষ্ঠানত অগৰাতলি জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়া ,কাজিৰঙাৰ ডি এফ অ’ ৰমেশ গগৈ, গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, উপ বন সংৰক্ষক বাৰ্মা, ডেকাৰজাৰ উপৰিও অগৰাতলি জীপ চাফাৰী সন্থাৰ সমুহ সদস্য, স্থানীয় লোকৰ উপৰিও ১০ জনকৈ বিদেশী পৰ্যটক উপস্থিত থাকে ৷

উল্লেখ্য যে শুকুৰবাৰে পুৱাতে কাজিৰঙাৰ কহঁৰা আৰু বাগৰি বনাঞ্চলতো পৰ্যটকৰ বাবে হাতীৰ বিশেষ সেৱা মুকলি কৰা হয়৷

মন কৰিব লগীয়া যে বান বিধস্ত ৰাষ্ট্ৰীয় উদ্যানৰ পথ মেৰামতিৰ কাম সম্প্ৰতি চলি থকাৰ বাবে পৰ্যটকৰ বাবে এতিয়াও বহু অঞ্চলৰ পথ মুকলি কৰিব পৰা নাই ৷

বৰ্তমান অগৰাতলিৰ ৰঙামটীয়া বন শিৱিৰলৈকেহে পৰ্যটক যাব পৰা হৈছে বুলি সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰে জনায় ৷

দ্বাৰ মুকলিৰ পাচতেই শুকুৰবাৰে পুৱা ১০ গৰাকী বিদেশী পৰ্যটকে জীপেৰে অগৰাতলি বনাঞ্চল পৰিদৰ্শন কৰে ৷