NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

বিবাহিতা প্ৰেমিকাৰ ঘৰৰ সন্মুখত প্ৰতিবাদত বহি প্ৰেমৰ দাম বিচাৰিলে যুৱকে

Posted by: তন্ময় চক্ৰবৰ্তী Updated by: তন্ময় চক্ৰবৰ্তী November 1, 2019 6:07 pm
Youth in Protest against lover

সৈতে থকা দুবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ দাম বিচাৰি মহিলাগৰাকীৰ ঘৰৰ সন্মুখত প্ৰতিবাদ বহা এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে।

ঘটনাটো ত্ৰিপুৰাৰ উনকোটি জিলাৰ কৈলাচহৰৰ গোলকধৰপুৰ গাওঁখনৰ।

গাওঁবাসীৰ মতে, অতনু সিনহাৰ গাওঁখনৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে দুবছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল।

কিন্তু দুটাকৈ সন্তানৰ মাক মধ্য বয়সীয়া মহিলাগৰাকীয়ে শেহতীয়াকৈ যুৱকজনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ অস্বীকাৰ কৰে।

গাওঁবাসীৰ মতে, মহিলাগৰাকীৰ এই বিবাহবহিৰ্ভূত সম্পৰ্কৰ বাবে পৰিয়ালটোত অশান্তিৰ সৃষ্টি হৈছিল।

মহিলাগৰাকীৰ স্বামীয়ে অতনুক কেইবাবাৰো ভাবুকিও দিছে।

এই পৰিস্থিতিত মহিলাগৰাকীয়ে শেহতীয়াকৈ অতনুক প্ৰত্যাখ্যান কৰাৰ লগতে তেওঁক লগ কৰিবলৈও অস্বীকাৰ কৰে।

প্ৰেমৰ এই বিচ্ছেদৰ যন্ত্ৰণা সহিব নোৱাৰি অতনুৱে আজি মহিলাগৰাকীৰ ঘৰৰ সন্মুখত প্ৰতিবাদত বহে। তেওঁ হাতত “আমাৰ দুই বছৰ ফেৰত দাও”, “আমাৰ ভালবাসার দাম দাও” বুলি লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে।

গাওঁবাসীয়ে অতনুক প্ৰথমে বুজাই-বঢ়াই তেওঁৰ স্থিতি ত্যাগ কৰিবলৈ কৈছিল যদিও তেওঁ সৈমান নহ’ল। উপায়ন্তৰ হৈ গাওঁবাসীয়ে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী আহি প্ৰেমৰ মূল্য বিচাৰি আঁকোৰগোঁজ হৈ থকা অতনুক থানালৈ লৈ যায়।