NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত বিদ্যুৎ তাঁৰত লাগি দুজনীকৈ মাইকী হাতীৰ মৃত্যু!

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী November 1, 2019 9:10 pm

ডিব্ৰুগড়ৰ পৰা ২২ কি. মি. দূৰত মধুপুৰ অঞ্চলৰ চেচা নগাঁও নামৰ এখন গাঁৱত ধাননীৰ মাজত আজি দুজনীকৈ মাইকী বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়।

স্থানীয় ৰাইজে মৃত হাতী দুজনী দেখা পাই বন বিভাগক অৱগত কৰাত বন বিভাগ আৰু পশু চিকিৎসকৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয়হি।

ইয়াৰ পিছতে মৃত হাতী দুটাৰ শৰীৰৰ মুখ্য অংশ সমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

স্থানীয় ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে খেতি পথাৰত লগোৱা বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈয়ে হাতী দুজনী মৰা বুলি বন বিভাগৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

মৃত হাতী দুজনী দিহিং মেডেলা বন সংমণ্ডলৰ সমীপৰ ৪০-৩৫ জনীয়া হাতীৰ জাকৰ মাজৰে আছিল। আৰু হাতীৰ জাকটোৱে অঞ্চলটোত খেতি পথাৰকে ধৰি বহুতো অনিষ্ট কৰি আহিছিল বুলি জানিব পৰা গৈছে।

আন সূত্ৰে জানিব পৰা মতে অঞ্চলটোত বৈদ্যুতিক তাঁৰত পূৰ্বতেও কেইবাটাও হাতীৰ মৃত্যু হৈছিল।

আনহাতে বন বিভাগে এই বিষয়ত বহু গোচৰ ৰুজু কৰিছে যদিও আজিলৈকে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে।

‘মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত হাতী দুজনীৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। মৃত হাতী দুজনীৰ গাত কোনো ধৰণৰ গাত আঘাতৰ চিন নাই গতিকে হাতী দুজনী বিদ্যুৎস্পৃষ্ট হৈ বা খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱাটো নুই কৰিব নোৱাৰি।’ ডিব্ৰুগড়ৰ বন বিভাগৰ বিষয়া নৰেশ্বৰ দাসে কয়।

লগতে বন বিভাগৰ বিষয়া গৰাকীয়ে কয়, ‘যদি হাতী দুজনী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰিছে তেন্তে আমি দুৰ্বৃত্তৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিম। আমি এই বিষয়ত ঘটনাস্থলী পৰিদৰ্শন কৰি স্থানীয় লোকক সোধা-পোছা কৰিছো।’

ঘটনা সন্দৰ্ভত বৰবৰুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।