NORTHEAST NOW (Assamese)
অসম

ট্ৰাকৰ সৈতে ৰয়েল এনফিল্ডৰ সংঘৰ্ষ; শ্বিলং বাইপাছত অসমৰ এজন যুৱকৰ থিতাতে মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 2, 2019 4:36 pm
Accident-750x375-1-1-1-1140x570

শ্বিলং পথত হোৱা এটা শোকাৱহ পথ দুৰ্ঘটনাত আজি অসমৰ পৰা যোৱা এজন যুৱকৰ কৰুণ মৃত্যু হয়।

মেঘালয়ৰ পূব খাচি পাহাৰ জিলাৰ ডিয়েংপাছোহ আৰক্ষী থানাৰ থাংশ্বালাই নামৰ ঠাইখনত এই দুৰ্ঘটনাটো হৈছে বুলি দ্দ নৰ্থ-ইষ্ট টুডেইত প্ৰকাশ।

আৰক্ষীয়ে যুৱকজন নিহাল দাস আৰু তেওঁৰ ঘৰ অসমৰ শোণিতপুৰ জিলাত বুলি নিশ্চিত কৰিছে। আজি পুৱা ৫ বজাতেই দুৰ্ঘটনাটো ঘটে আৰু সেই সময়ত নিহাল জোৱাই অভিমুখে গৈ আছিল।

যুৱকজন কি উদ্দেশ্য কি লক্ষ্যস্থানলৈ গৈছিল সেয়া এতিয়াও নিশ্চিত নহয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীৰ মতে, যুৱকজনে তীব্ৰ গতিৰে চলাই যোৱা ৰয়েল এনফিল্ড বাইকখনে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ লাগে আৰু ট্ৰাকৰ চকাৰ তলত নিহাল দাস সোমাই যায়। ঘটনাস্থলীতে মৃত্যু হয় দাসৰ।

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।