NORTHEAST NOW (Assamese)
অসম

মাজুলীত ছাত্ৰই ২১ হাজাৰ টকাত নিৰ্মাণ কৰি উলিয়ালে ইঞ্জিনযুক্ত চাইকেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 2, 2019 7:10 pm

মাজুলীৰ এজন ছাত্ৰই সাজি উলিয়াইছে এখন ইঞ্জিনযুক্ত চাইকেল। ছাত্ৰজনক মাজুলীৰ বিহিমপুৰ সত্ৰৰ গুণিন্দ্ৰ কৃষ্ণ মহন্ত বুলি চিনাক্ত কৰা হৈছে।

গুণিন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ তৃতীয় ষাণ্মাষিকৰ ছাত্ৰ। অধ্যয়নৰ মাজতে গুণিন্দ্ৰয়ে বহু পৰিশ্ৰমৰ মাজত এই ইঞ্জিনযুক্ত চাইকেলখন নিৰ্মাণ কৰি উলিয়াইছে।

ছাত্ৰজনে প্ৰায় ১৫ দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা এই চাইকেলখনৰ বাবে খৰচ হৈছিল প্ৰায় ২১ হাজাৰ টকা।

ছাত্ৰজনে জনোৱা অনুসৰি এই ৮০ চি চি ইঞ্জিনযুক্ত চাইকেলখনেৰে ১ লিটাৰ পে’ট্ৰল ভৰালে ২৬ কিলোমিটাৰ যাত্ৰা কৰিব পৰা যাব।

আনকি ছাত্ৰজনে ডিব্ৰুগড়ৰ পৰা মাজুলীৰ নিজা ঘৰলৈ এই ইঞ্জিনযুক্ত চাইকেলেখনেৰেই ঘৰলৈ আহে বুলি তেওঁ জনাইছে।

অনাগত দিনত তাত্তি্বকি পদাৰ্থ বিজ্ঞানৰ গৱেষক হোৱাৰ সপোন দেখা ছাত্ৰজনৰ সফলতাত স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকো আনন্দিত হৈ পৰিছে।