NORTHEAST NOW (Assamese)
অসম

দাম কমিল Vivoৰ দুটা স্মাৰ্টফোনৰ; নতুন দাম কিমান? চাওক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2019 10:39 am
y91_main_1572871812_618x347 232

চীনৰ স্মাৰ্টফোন কোম্পানী Vivo ই তেওঁলোকৰ দুটা স্মাৰ্টফোনৰ দাম হ্ৰাস কৰিছে। এই স্মাৰ্টফোন দুটা হৈছে Vivo Y91 আৰু Vivo Y91i স্মাৰ্টফোন।

প্ৰথমতে, Vivo Y91 স্মাৰ্টফোনটো ১৫০০ টকা কম দামত অৰ্থাৎ ৬,৯৯০টকাত ক্ৰয় কৰিব পাৰে। ইপিনে, Vivo Y91i টো আপুনি ৮৪৯০ টকাত ক্ৰয় কৰিব পাৰিব।

Vivo Y91ৰ 2GB ৰেম আৰু 32GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ দাম ৮,৯৯০ টকা আছিল যদিও এতিয়া ইয়াৰ দাম কমাত আপুনি ইয়াক ৮,৪৯০টকাতে ক্ৰয় কৰিব পাৰিব।

ইয়াক ই-কমাৰ্ছ ৱেবছাইট Amazon, Flipkart, Paytm আৰু ভিভ’ৰ অফিচিয়েল ই-ষ্ট’ৰ ৱেবছাইটৰ পৰা ক্ৰয় কৰিব পাৰে।

Vivo Y91i ৰ বিশেষত্বৰ কথা ক’বলৈ গ’লে এই স্মাৰ্টফোনত ৬.২ ইঞ্চিৰ এইচ ডি প্লাছ ডিছপ্লে দিয়া হৈছে। এই স্মাৰ্টফোনত MeidaTek Helio P22প্ৰচেছৰ দিয়া হৈছে আৰু 2GB ৰেম আগবঢ়োৱা হৈছে।

স্মাৰ্টফোনটোত ফটোগ্ৰাফীৰ বাবে ১৩ মেগাপিক্সেলৰ ৰিয়ৰ কেমেৰা দিয়া হৈছে। ছেল্ফিৰ বাবে এই স্মাৰ্টফোনত ৫ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰাও লগোৱা আছে।

এই স্মাৰ্টফোনটোৰ দুটা ভেৰিয়েন্ট আছে। এটাত 16GBৰ ষ্ট’ৰেজ আছে আৰু আনটোত 32GBৰ মেম’ৰি লগোৱা আছে।

Vivo Y91ত ৬.২২ ইঞ্চিৰ এইচ ডি প্লাছ ডিছপ্লে দিয়া হৈছে। এই ফোনটোত ডুয়েল কেমেৰা দিয়া হৈছে। ইয়াত MeidaTek Helio P22প্ৰচেছৰ দিয়া হৈছে।

প্ৰথমটোৰ লেন্স ১৩ মেগাপিক্সেলৰ আৰু দ্বিতীয়টোৰ ২মেগাপিক্সেলৰ। ছেল্ফিৰ বাবে এই স্মাৰ্টফোনত ৮ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰাও লগোৱা আছে।

এই স্মাৰ্টফোনটোত 32GB ৰ ইন্টাৰনেল মেম’ৰি লগোৱা হৈছে যিটো মাইক্ৰ’ এইচ ডি কাৰ্ডৰ জৰিয়তে বঢ়াই ল’ব পাৰে।

কানেক্টিভিটিৰ বাবে এই স্মাৰ্টফোনত 4G, WiFi, Bluetooth ৰ লগতে মাইক্ৰ’ য়ুএছবি পোৰ্টৰ দৰে ষ্টাণ্ডাৰ্ড ফিচাৰ্ছো আছে। স্মাৰ্টফোনটোত ৰিয়ৰ ফিংগাৰপ্ৰিন্ট স্কেনাৰ দিয়া হৈছে।