NORTHEAST NOW (Assamese)
অসম

চৰকাৰী স্পষ্টীকৰণ : মেঘালয় চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা এতিয়াও চূড়ান্ত কৰা নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2019 8:09 am
Shillong

মেঘালয়লত থাকিবলৈ বা মেঘালয়লৈ যাবলৈ বহিৰাগত লোকে আগতীয়াকৈ পঞ্জীয়ন কৰাৰ নিয়মটো এতিয়াও চূড়ান্ত কৰা নাই অসমৰ চুবুৰীয়া ৰাজ্যখনে।

ইয়াক লৈ সৃষ্টি হোৱা শংকা দূৰ কৰিব বিচাৰি ৰাজ্যখনৰ পৰ্য্যটন বিভাগে এটা স্পষ্টীকৰণ প্ৰকাশ কৰিছে। স্পষ্টীকৰণটোত কোৱা হৈছে যে এই পঞ্জীয়নৰ আৰ্হিটো এতিয়াও চূড়ান্ত হোৱা নাই।

“এতিয়াও এই অধ্যাদেশখনৰ ৰূপায়ণৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই। গতিকে পঞ্জীয়ন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। অধ্যাদেশখনৰ উদ্দেশ্য হ’ল সকলো ভ্ৰমণকাৰীৰ নিৰাপত্তা নিশ্চিত কৰা”, স্পষ্টীকৰণটোত কোৱা হৈছে।

আনহাতে পঞ্জীয়ন প্ৰক্ৰিয়াটো জটিল নহয় বুলি জানিবলৈ দি বিজ্ঞপ্তিটোত কোৱা হৈছে- “পঞ্জীয়ন প্ৰক্ৰিয়াটো আমাৰ ৰাজ্যখন ভ্ৰমণ কৰিবলৈ অহা পৰ্য্যটকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হ’ব। এইটো একেবাৰে সৰল প্ৰক্ৰিয়া হ’ব আৰু অফলাইন আৰু অনলাইন দুয়ো ধৰণৰ পঞ্জীয়ন বিকল্প থাকিব। ই আপোনালোকে হোটেলত থাকোতে কৰাৰ নিচিনা একে হ’ব। কোনেও ৰাজ্যখনত প্ৰৱেশ কৰাৰ সময়ত শাৰীপাতি থাকিব লগীয়া নহয়। আমি আপোনালোকৰ সময় আৰু সময় আৰু সমল অতি মূল্যৱান বুলি বুজি পাওঁ।”

Inner Line Permit_Meghalaya
মেঘালয় চৰকাৰৰ পৰ্য্যটন বিভাগে দিয়া স্পষ্টীকৰণটো।

যোৱা ১ নৱেম্বৰত কনৰাড চাংমা নেতৃত্বাধীন মেঘালয় চৰকাৰৰ কেবিনেটে ৰেছিডেণ্টছ ছেফটী এণ্ড ছিকিউৰিটী এক্ট ২০১৬-ৰ সংশোধনীৰ জৰিয়তে বহিৰাগতসকলে ৰাজ্যখনত থাকিবলৈ বা প্ৰৱেশ কৰিবলৈ কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব বুলি সিদ্ধান্ত লৈছিল আৰু এখন অধ্যাদেশ জাৰি কৰিছিল।

প্ৰক্ৰিয়াটোৰ আওতাৰ পৰা স্থায়ী বাসিন্দাসকলৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক আঁতৰাই ৰখা হয়।

উল্লেখ কৰিব পাৰি, যে নাগালেণ্ড আৰু অৰুণাচলত প্ৰৱেশ কৰিবলৈ অনা-অৰুণাচলী লোকক ইনাৰ লাইন পাৰ্মিট (আন্তঃৰাজ্যিক পাৰপত্ৰ) দৰকাৰ হয়।