NORTHEAST NOW (Assamese)
অসম

সুদূৰ লণ্ডনত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2019 3:47 pm
Bhupen Hazarika death anniversary

সুদূৰ লণ্ডনৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তঃৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰ (সৃষ্টি)ত ৫ নৱেম্বৰত ভাৰতৰত্ন ড°ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী পালনেৰে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত প্ৰবাসী অসমীয়া তথা ‘লুইতৰ পৰা টেমচলৈ’  (Luit  to Thames ) ৰ মুখ্য সম্পাদক চিকিৎসক ডাঃ কৰুণা সাগৰ দাসে ড০ ভূপেন হাজৰিকাৰ গীত আৰু ৰচনাই বিশ্ব মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰাত সহায় কৰিছে বুলি উল্লেখ কৰে।

এই ক্ষেত্ৰত প্ৰবাসী অসমীয়া সকলৰ প্ৰচেষ্টাৰো দাসে শলাগ লয় ।

উল্লেখযোগ্য যে, ড০ ভূপেন হাজৰিকাই এক মধুৰ আৰু দীৰ্ঘদিনীয়া আত্মিক সম্পৰ্ক ৰক্ষা কৰি  ডাঃ কৰুণা সাগৰ দাসৰ আতিথ্যত বহুবাৰ লণ্ডনলৈ গৈ প্ৰবাসী অসমীয়া সকলৰ সৈতে মিলিত হৈছিল ।

অলপতে অসমৰ পৰা লণ্ডণ ভ্ৰমনলৈ যোৱা অসম আৰক্ষীৰ মহাপৰিদৰ্শক ড০ শ্যামল প্ৰসাদ শইকীয়াই ‘সৃষ্টি’ৰ দ্বাৰা আয়োজিত ভূপেন হাজৰিকাৰ ‘সশ্ৰদ্ধ স্মৰণ’ অনুষ্ঠানত পৰিয়াল সহ অতিথি হিচাপে উপস্থিত থাকি ভূপেন দাৰ অমৰ সৃষ্টিৰাজিক ৰোমন্থন কৰাৰ লগতে তেখেতৰ কালজয়ী গীতো পৰিবেশন কৰে।

অনুষ্ঠানত প্ৰবাসী অসমীয়া চিকিৎসক ডাঃপল্লব কুমাৰ দাস, অৰুন্ধতী দাস, ভাস্বতী গায়ন ,হীৰামনি শৰ্মা, অনিৰুদ্ধ দে  প্ৰমুখ্যে অসমৰ পৰা যোৱা  পাপৰি শইকীয়া ,কামাক্ষী শইকীয়াকে ধৰি ভালেসংখ্যক  লোক উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে ।