NORTHEAST NOW (Assamese)
অসম

দৰঙত আৰক্ষীৰ অভিযানত ছয় লক্ষাধিক জালনোট সহ আটক এজন জালনোট সৰবৰাহকাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2019 9:03 pm
Mangaldoi Story

দৰং জিলাত মঙলবাৰে আৰক্ষীয়ে চলোৱা এক অভিযানত ফাৰুক আহমেদ নামৰ এজন জালনোট সৰবৰাহকাৰী আটক হয়।

জিলাখনৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত চৰকাৰ চ’কৰ পৰা আৰক্ষীয়ে লোকজনক ছয় লাখৰো অধিক জালনোটেৰে সৈতে আটক কৰিবলৈ সক্ষম হয়।

ফাৰুক আহমেদৰ ঘৰ ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত নিজ গৰীয়াঝাৰত।

আনহাতে, আটকাধীন জালনোট সৰবৰাহকাৰী গৰাকীৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাত ৬২১/১৯, ৪৮৯(খ)নম্বৰত এটা গোচৰ ৰুজু কৰি জেৰা চলাই থকা হৈছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতিয়ে কয়।

তদুপৰি, আৰক্ষীৰ দলটোৱে ফাৰুক আহমেদৰ ঘৰতো অভিযান চলাই ডেৰ লক্ষাধিক টকা আৰু এটা স্কেনাৰ মেচিন উদ্ধাৰ কৰে।

আটকাধীন আহমেদে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত জালনোটৰ বেহা চলাই আহিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰে।