NORTHEAST NOW (Assamese)
অসম

এটা ইনিংছত ১০ টা উইকেট দখলেৰে মেঘালয়ৰ ১৫ বছৰীয়া বলাৰৰ চমক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2019 9:53 am
nirdesh-baisoya

ভাৰতৰ ১৬ বছৰ অনুৰ্ধৰ ক্ৰিকেট প্ৰতিযোগিতা বিজয় মাৰ্চেণ্ট ট্ৰফীত মেঘালয়ৰ স্পীনাৰ নিৰ্দেশ বৈশবাই বুধবাৰে এটা ইনিংছত ১০ উইকেট দখল কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়।

মেঘালয়ৰ স্পীনাৰ গৰাকীয়ে নাগালেণ্ডৰ বিপক্ষে এই অভিলেখ গঢ়ে।

মিৰাটত জন্মগ্ৰহণ কৰা ১৫ বছৰীয়া স্পীনাৰ নিৰ্দেশে মেঘালয়ৰ হৈ অতিথি বলাৰ হিচাপে খেলে।

বুধবাৰে নাগালেণ্ডৰ বিপক্ষে খেলখনত নিৰ্দেশে ২১ অভাৰ বলিং কৰি ৫১ ৰাণ দি ১০ টা উইকেট দখল কৰে।

অফস্পীনাৰ গৰাকীৰ ক্ষুৰধাৰ বলিঙৰ সন্মুখত নাগালেণ্ডে কোনোধৰণৰ প্ৰতিৰোধ গঢ়িবলৈ সক্ষম নহ’ল আৰু ১১৩ ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয়।

আনহাতে, নাগালেণ্ডৰ ১১৩ ৰাণৰ প্ৰত্যুত্তৰত মেঘালয়ে দিনান্তত চাৰি উইকেটত ১০৯ ৰাণ সংগ্ৰহ কৰিছে। মেঘালয়ৰ হৈ বেটিঙতো ভাল প্ৰদৰ্শন কৰি নিৰ্দেশে ৬৮ ৰাণ কৰে।

‘‘অনিল কুম্বলে যেতিয়া এটা ইনিংছত দহটা উইকেট দখল কৰিছিল তেতিয়া মোৰ জন্ম হোৱা নাছিল। মই সৰুতে কুম্বলে ছাৰৰ অভিলেখৰ কথা শুনিছিলো আৰু নিজেও তেনেধৰণৰ কিবা এটা কৰিব বিচাৰিছিলো, কিন্তু ইমান সোনকালে সেয়া হৈ উঠিব বুলি ভবা নাছিলো,’’ উৎফুল্লিত নিৰ্দেশে কয়।

উল্লেখযোগ্য যে, বিগত বৰ্ষতৰ কোঁচবিহাৰ ট্ৰফীত মণিপুৰৰ যুৱ বেগী বলাৰ ৰেক্স সিঙে এটা ইনিংছত দহটা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।