NORTHEAST NOW (Assamese)
অসম

শালনাত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এজন লোক

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা November 8, 2019 6:50 am
WhatsApp Image 2019-11-07 at 8.43.41 PM

ৰাজ্যখনত বন্যহস্তীৰ উপদ্ৰৱ চলি থকাৰ সময়তে নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ লেংটেং চাহ বাগিছাত বৃহস্পতিবাৰে এটা বনৰীয়া হাতীয়ে এজন লোকক আক্ৰমণ কৰি নিহত কৰে।

বন্যহস্তীৰ আক্ৰমণৰ ফলত সংঘটিত এনে হৃদয় বিদাৰক ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, লেংটেং বাগানৰ বাসিন্দা কুণ্ডু গড় নামৰ লোকজনে বাগানৰ পৰা ঘৰলৈ গৈ থকা পথত বৃহস্পতিবাৰে বিয়লি পাঁচ মান বজাত  পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বন্যহস্তীয়ে লোকজনক আক্ৰমণ কৰি থিতাতে নিহত কৰে।

পৰবৰ্তী সময়ত শালনা ৰেঞ্জৰ বনৰক্ষী দলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত কুণ্ডু গড়ৰ (৪৮) মৃতদেহটো উদ্ধাৰ কৰে।

বন্যহস্তীয়ে চামগুৰিৰ বিভিন্ন অঞ্চলত বিশেষকৈ চাহ বাগিছাত উপদ্ৰৱ চলাই অহাৰ ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে।

বনাঞ্চলত খাদ্যৰ অভাৱ হোৱাৰ বাবে বন্যহস্তীয়ে এইদৰে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে আৰু প্ৰায়েই মানুহৰ সৈতে সংঘাতত লিপ্ত হোৱা দেখা যায়।