NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিৰ কেলেংকাৰি : ২০১৩ বৰ্ষৰ চামৰ ৯ জন বিষয়ালৈ আৰক্ষীৰ চমন

Posted by: এন ই নাও নিউজ February 5, 2018 11:11 pm
apsc_office_pic

ৰাজ্যজুৰি চৰ্চিত এ পি এছ চিৰ কেলেংকাৰিৰ আন এটা মোৰ আজি দেখা পোৱা গৈছে। ২০১৫ বৰ্ষত পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ২৫ জনক ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত কৰাৰ পিছত এইবাৰ ২০১৩ বৰ্ষৰ APSC পৰীক্ষাৰ যোগেদি চাকৰি পোৱা কেইবাজনো বিষয়াক জেৰাৰ বাবে তলব কৰা বুলি জানিব পৰা গৈছে।

এটা সূত্ৰৰ মতে তদন্তকাৰী কৰ্তৃপক্ষই ২০১৩ বৰ্ষৰ কেইবাজনো বিষয়াক সন্দেহৰ তদন্তৰ আওতালৈ অনাৰ সিদ্ধান্ত লৈছে। ইয়াৰে ৯জন বিষয়া অহা ৭ ফেব্ৰুৱাৰি অৰ্থাৎ পৰহিলৈৰ ভিতৰত আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

সূত্ৰটোৰ মতে জেৰাৰ বাবে মাতি পঠিওৱা বিষয়া কেইজন হ’ল : অভিষ্কা বৰুৱা (এ চি এছ), জয়দেৱ মহন্ত (এ চি এছ), বৰ্ণালী দেৱী (কৰ পৰিদৰ্শক), ৰিতুৰাজ গগৈ (এ চি এছ), অভিষেক বৰবৰা (আবকাৰী পৰিদৰ্শক), সঞ্জন ফুকন (এ চি এছ), কৌশিক কলিতা (এ পি এছ), সত্যজিৎ সৰকাৰ (সহকাৰী নিয়োগ বিষয়া), আৰু দেৱব্ৰত দে’ (এ চি এছ)।

উল্লেখযোগ্য যে বিয়াগোম কেলেংকাৰিটোত বহু ৰৌ-বৰালি পৰিবলৈ এতিয়াও বাকী আছে বুলি বহুতে মন্তব্য কৰি আহিছিল। লগতে এই তদন্তৰ আওতাত পূৰ্বৰ পৰীক্ষাবোৰৰ জৰিয়তে নিৰ্বাচিত তথা নিযুক্ত বিষয়াকো সাঙুৰি ল’বলৈ বিভিন্ন পক্ষই আহ্বান জনাই আহিছিল।