NORTHEAST NOW (Assamese)
অসম

নিশা ভিন্ন প্ৰান্তত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজন লোকৰ, আহত তিনিজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2019 12:24 pm
Accident-750x375-1-1-1140x570

মঙলবাৰে নিশা ৰাজ্যৰ তিনিটা ভিন্ন প্ৰান্তত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

ডিগবৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানীত সংঘটিত প্ৰথম দুৰ্ঘটনাত এখন ডাম্পাৰে এজন লোকক মহতিয়াই নিয়ে। ফলত লোকজনৰ ঘটনাস্থলতে মৃত্যু হয়। পৰিচয় জানিব পৰা হোৱা নাই যদিও লোকজন ৬০ উৰ্ধ্বৰ হ’ব বুলি আৰক্ষীয়ে জনাইছে।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা এ এছ ১২ ৭৪৪৫ নম্বৰৰ ডাম্পাৰখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।

আনহাতে দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হয় কলিয়াবৰত। জানিব পৰা মতে, তীব্ৰবেগত অহা এখন বাইকে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এজন যুৱকৰ মৃত্যু হয়।

দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা যুৱকজন পৰাগ বৰা (২১) বুলি জানিব পৰা গৈছে। নিশা যুৱকজনে ৰাস মহোৎসৱৰ পৰা ঘৰলৈ আহি থাকোতেই দুৰ্ঘটনাটো ঘটে।

ইফালে কাৰ্বি আংলঙত বিদ্যুৎস্পৃষ্ট হৈ তিনিজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা অনুসৰি এখন জে চি বি কঢ়িওৱা ট্ৰাকত বিদ্যুৎ সংযোগ হোৱাত গাড়ী দুখনত জুই লাগে আৰু লোক তিনিজন আঘাতপ্ৰাপ্ত হয়।