NORTHEAST NOW (Assamese)
অসম

তাজমহল মন্দিৰ! চ’চিয়েল মিদিয়াত বিতৰ্ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2019 9:39 pm
Coronavirus: Taj Mahal to remain shut for visitors

ভাৰতৰ উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ বিবাদৰ ৰায়দান কৰাৰ পিছতে তাজমহলৰ লগতে কাশী আৰু মথুৰাৰ কিছু মছজিদথলীতো মন্দিৰ নিৰ্মাণ কৰা, নকৰাক লৈ চ’চিয়েল মিদিয়াত বাদানুবাদ চলিছে।

তাজ মহলক হিন্দু মন্দিৰ “তেজ মহালয়া” বুলি বিজেপিৰ প্ৰাক্তন সাংসদে পূৰ্বে কৰা মন্তব্যৰ আলমতো বিষয়টোক লৈ বহুলোক বিতৰ্কত লিপ্ত হৈছে।

বিজেপিৰ প্ৰাক্তন সাংসদ তথা বজৰং দলৰ প্ৰতিষ্ঠাপক বিনয় কাটিয়াৰৰ মন্তব্যৰ আধাৰত পূৰ্বে প্ৰকাশ কৰা বাতৰি পুনৰ চ’চিয়েল মিদিয়াত চেয়াৰ কৰা হৈছে।

অযোধ্যাৰ ৰায়দানৰ পিছত চলা এই বিতৰ্কসমূহত ভাৰতৰ লগতে দেশৰ বাহিৰৰো বহুলোক জৰিত হোৱা দেখা গৈছে।

বিতৰ্কসমূহত একাংশই মুছলমান শাসকৰ নিৰ্মাণসমূহক হিন্দু ঐতিহ্যৰ ওপৰত আক্ৰমণৰূপে চিহ্নিত কৰিছে। আৰু “ভুক্তভোগী” হিন্দুৰ গৌৰৱ পুনৰ প্ৰতিষ্ঠাৰ কথা কৈছে। এই পক্ষৰ কিছুৱে ইয়াক “হিন্দু ফ’বিয়া”ৰূপে অভিহিত কৰিছে।

এই পক্ষৰ একাংশই হিন্দুত্ববাদী বুৰঞ্জীবিদ পুৰুষোত্তম নাগেশ অ’কৰ “তাজমহল হিন্দু ৰাজ ভৱন থা” শীৰ্ষক কিতাপখনৰ ছবি চেয়াৰ কৰা দেখা গৈছে।

কিছুৱে তাজমহল যে মোগল শাসক ছাহ জাহানৰ প্ৰেমৰেই প্ৰতীক সেয়া প্ৰমাণ কৰাৰ চেষ্টা কৰিছে।

আন একাংশই ইয়াৰ বাবে ক্ষমতাজৰিত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰূপে অভিহিত কৰিছে। এই পক্ষৰ কিছুৱে “হিন্দুত্ব”ক জগৰীয়া কৰিছে। এজনে কৈছে, ই ভাৰতলৈ বৃহৎ মাত্ৰাত দুৰ্য্যোগ মাতিব।

বহুতে শেহতীয়া ৰায়টোৰ বিৰুদ্ধে যুক্তিৰূপেও তাজ মহল, লাল কিলা আদিৰ উল্লেখ কৰিছে। কৈছে, ভৱিষ্যতে যদি কোনোবাই এইবোৰে হিন্দু আৱেগত আঘাত কৰা বুলি দাবী কৰে সেয়া মানি লোৱা হ’ব নেকি?

বহুলোকে উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰে দীৰ্ঘদিনীয়া বিতৰ্কৰ সমাপ্তি বিচাৰিছে। আৰু নতুন বিতৰ্কৰ সলনি উন্নয়নৰ দিশলৈ আগবঢ়াৰ কথা কৈছে।

আৰু বহু ধৰণে বিশ্লেষণ কৰিব পৰাকৈ মতসমূহক শ্ৰেণীবদ্ধ কৰিব পৰা যায়। নৰ্থইষ্ট নাও-এ চ’চিয়েল মিদিয়াৰ সকলো একাউণ্টৰ পৰিচয় নিশ্চিত কৰিব নোৱাৰে।

তলত দিয়া হৈছে, টুইটাৰত জৰ্জটাউন বিশ্ববিদ্যালয়ৰ ইছলামিক সভ্যতাৰ অধ্যাপকৰূপে পৰিচয় থকা জনাথান এচি ব্ৰাউন নামৰ এজনৰ টুইট দিয়া হৈছে।

কমেণ্ট (বাতৰি লিখাৰ পৰলৈকে ১৫ শতাধিক)ত তেওঁৰ মতৰ বিৰুদ্ধ বহুসংখ্যক মত আছে।