NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত ৭.৩ কোটি টকা মূল্যৰ ১৮.৫ কিলো চোৰাং সোণ জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2019 9:11 am

গুৱাহাটীত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা বিভাগে এক অভিযান চলাই বুধবাৰে বিদেশৰ পৰা চোৰাংকৈ অনা ১৮.৫ কিলো সোণ জব্দ কৰে। DRI ৰ গুৱাহাটী মাণ্ডলিকৰ বিষয়াৰ এটা দলে এই অভিযান চলায়।

ৰাজহ চোৰাংচোৱা বিভাগৰ এটা সূত্ৰই জনোৱা মতে বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত DRI-ৰ উক্ত দলটোৱে অভিযান চলাই সোণৰ চোৰাং বেপাৰৰ সৈতে জড়িত থকা দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।

চোৰাং সোণখিনি এ এছ-বি এছ-৩৩৩০ নম্বৰৰ এখন ফ’ৰ্ড ইক’ স্পৰ্ট গাড়ীৰ পিছপিনৰ তলৰ অংশত বিশেষধৰণৰ ফুটা বনাই তাৰ ভিতৰত লুকুৱাই অনা হৈছিল বুলি সূত্ৰটোয়ে জানিবলৈ দিয়ে।

উদ্ধাৰ কৰা সোণখিনিৰ বজাৰ মূল্য ৭.৩ কোটি টকা হ’ব বুলি জানিবলৈ দি সূত্ৰটোৱে লগতে কয়, ‘মূঠ ১১২টা সোণৰ টুকুৰা জব্দ কৰা হৈছে আৰু প্ৰত্যেকটো টুকুৰাৰ ওজন হৈছে ১৬৬ গ্ৰাম।‘