NORTHEAST NOW (Assamese)
অসম

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত শিৱসাগৰ জিলা কাৰাগাৰৰ ৬ গৰাকী কয়দীক মুকলি

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ November 16, 2019 8:27 pm

শিৱসাগৰৰ জিলা কাৰাগাৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ছয় গৰাকী কাৰাবন্দীক আজি মুকলি কৰি দিয়া হয়। অসম চৰকাৰৰ HMB-143/2010/P7-ll/455 dt 14-11-2019 আদেশ অনুসৰি শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা উক্ত কাৰাবন্দী কেইগৰাকীক মুকলি কৰি দিয়া হয়।

মুক্তি লাভ কৰা কাৰাবন্দী কেইজন হৈছে পৱন গগৈ, হিপিন দিহিঙ্গীয়া, বদন গগৈ, হেমন্ত আৰন্ধৰা, বিপুল ফুকন আৰু বাবুলাল ওৰাং। তেওঁলোক আটাইকেইজন হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত আছিল।

মুকলি কৰি দিয়াৰ সময়ত শিৱসাগৰ জিলা কাৰাগাৰ কৰ্তৃপক্ষই তেওঁলোকক একোখনকৈ ফুলাম গামোচা পিন্ধাই কাৰাগাৰৰ পৰা বিদায় দিয়ে।

উল্লেখযোগ্য যে অসম চৰকাৰে আজি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৰাজ্যখনৰ ১১১ গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়ে।