NORTHEAST NOW (Assamese)
অসম

কাছাৰত বন্দী এন এচ চি এন (আৰ), জেদ ইউ এফ বিদ্ৰোহী

Posted by: অনিৰুদ্ধ লস্কৰ Updated by: অনিৰুদ্ধ লস্কৰ November 16, 2019 9:01 pm
Assam: NSCN (R), ZUF militants nabbed in Cachar

এন এচ চি এন (ৰিফৰ্মে’চন) আৰু জালিয়াংৰং ইউনাইটেদ ফ্ৰণ্টৰ দুজন বিদ্ৰোহীক শনিবাৰে কাছাৰ জিলাৰ ৰামগাইজাঙত বন্দী কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ যুটীয়া দলে জিৰিঘাট আৰক্ষী থানাত অৱস্থিত এলেকাটোত অভিযান চলাই বিদ্ৰোহী দুজনক বন্দী কৰিছে।

বন্দী এন এচ চি এন (আৰ) আৰু জেদ ইউ এফ সদস্য দুজনক ক্ৰমে পৌগংলং ওৰফে লাকি (২৮) আৰু চাগু ৰংমাই (৪০) বুলি চিনাক্ত কৰা হৈছে।

পৌগংলঙৰ ঘৰ মণিপুৰৰ টামেংলং জিলাৰ নুংতেকত আৰু ৰংমাই কাছাৰৰ ৰামগাইজাঙৰ বাসিন্দা।

অভিযানকালত শিৱিৰটোৰ পৰা আন দুজন সদস্য পলাই যোৱা বুলি প্ৰকাশ।

বন্দী দুয়োজন সদস্যই যোৱা কিছুদিন ধৰি অঞ্চলটোত ধনদাবী, অপহৰণকে ধৰি বিভিন্ন দুষ্কাৰ্য্যত জৰিত আছিল, আৰক্ষীয়ে জনায়।

বিদ্ৰোহীকেইজনে বাহৰ পৰা অস্থায়ী শিৱিৰটো ধ্বংস কৰা হৈছে আৰু এটা এ কে ৫৬ বন্দুক, গুলী, ধনদাবী পত্ৰ, ম’বাইল ফ’ন আৰু শিৱিৰৰ অন্যান্য সামগ্ৰী জব্দ কৰা হৈছে।

নিৰাপত্তা বাহিনীৰমতে, কাছাৰৰ জেলিয়াংৰং এলেকাসমূহত বিদ্ৰোহী কাৰ্য্যকলাপ পৰিচালনাত শিৱিৰটো ব্যৱহাৰ কৰা হৈছিল।