NORTHEAST NOW (Assamese)
অসম

এন ডি আৰ এফৰ উদ্ধাৰ অভিযানত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2019 4:08 pm
NDRF search operation

ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা কামৰূপ(মেট্ৰ’)জিলাৰ ধৰমপুৰ মাজৰ পাহাৰঘাট গাঁৱৰ ১৬ বছৰীয়া যুৱকজনৰ সন্ধানত আজি ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলায়।

এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ উদ্ধাৰকাৰী দলটোৱে ঘটনাস্থলীত ৰাতিপুৱা ৬ বজাত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু মাত্ৰ ১০ মিনিটৰ অভিযানৰ অন্তত সুমন সৰকাৰ নামৰ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৃত সুমন সৰকাৰ(১৬) কামৰূপ (মেট্ৰ’)জিলাৰ মালিগাঁৱৰ বৰিপাৰাৰ বাসিন্দা আৰু ৰবি সৰকাৰৰ পুত্ৰ।

পৰৱৰ্তী সময়ত এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে মৃতদেহটো শুৱালকুছি ব্ৰহ্মপুত্ৰ নদী আৰক্ষী থানাৰ হাতত গটাই দিয়ে।

আনহাতে, শুৱালকুছি ব্ৰহ্মপুত্ৰ নদী আৰক্ষী থানাই মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।