NORTHEAST NOW (Assamese)
Popular Stories

সাংবাদিকৰ বাদে কোনো মানুহে কেবৰ প্ৰসংগ নানে : হিমন্ত বিশ্ব শৰ্মা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 21, 2019 8:39 am

সাংবাদিকৰ বাদে কোনো মানুহেই উত্থাপন নকৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। বুধবাৰে জনতা ভৱনত বিধেয়কখনক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত মন্ত্ৰী হিমন্তই এইদৰে প্ৰত্যুত্তৰ দিয়ে।

তেওঁ কয়, ‘কেবৰ চৰ্চা কেৱল সাংবাদিকক লগ পালেহে হয়, বাকী কোনেও নুলিয়ায়। সংবাদমেল পাতিলেহে মোৰ কেব শব্দটো মুখৰ পৰা ওলায়। মই দিনটোত ৩ হাজাৰটা মেছেজৰ ৰিপ্লাই দিওঁ, এটা শব্দটো কেব নাহে।‘

‘হয়তো আপোনালোকে কোনোবা দ্বীপত বসবাস কৰি আছে, নহ’লে আমি বেলেগ ক’ৰবাত বাস কৰি আছো। কেইদিনমান আগতে লখিমপুৰ, ধেমাজিৰ পৰা আহিলো, তাতটো অসমীয়া চেন্টিমেন্ট থকা মানুহ আছে, কোনো নৰমনিচ এটাই মোক কেবৰ কথা নুসুধিলে।‘ তেওঁ লগতে কয়।

কেব সন্দৰ্ভত বিজেপি চৰকাৰৰ স্থিতিৰ সমৰ্থন কৰি মন্ত্ৰী শৰ্মাই কয়, ‘কোন শুদ্ধ সেয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু লোকসভা নিৰ্বাচনৰ ফলাফলে বুজাই দিছে। ২১ৰ নিৰ্বাচনেও বুজাই দিব কোনটো শুদ্ধ।‘

‘আজি ইমান বিলাক বাংলাদেশী অসমত থকাৰ পাছতো আমি ফ্ৰাষ্ট ক্লাছ দপদপাই আছো, কাইলৈ কেব আহিলে কি চেকেণ্ড ক্লাছ হৈ যাম নেকি? এতিয়া বাঘবৰ জনিয়াত অসমীয়া ফাষ্ট ক্লাছ চিটিজেন হৈ আছে নেকি?’ হিমন্তৰ প্ৰশ্ন।

আনহাতে আছুলৈ টিপ্পনী দি হিমন্তই কয়, ‘আছুৰ অধিৱেশন এখন যদি বাঘবৰত হয়, আমিতো ভালেই পাওঁ।‘