NORTHEAST NOW (Assamese)
অসম

ইডেনত গুলপীয়া ইতিহাস; হাছিনা, মমতাকে ধৰি ভাৰতীয় ক্ৰিকেট তাৰকাৰ উপস্থিতিত মহা আৰম্ভণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2019 4:38 pm
MamataHasina

ভাৰতীয় ক্ৰিকেটত নতুন ইতিহাসৰ সাক্ষী হৈ ৰ’ল কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেন।

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা, পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী, ভাৰতীয় ক্ৰিকেটৰ মহাতাৰকা শচীন টেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, ৰাহুল দ্ৰাবিড়কে ধৰি বহু ৰথী-ৰহাৰথীৰ উপস্থিতি ভাৰতৰ মাটিত আজি প্ৰথমবাৰৰ বাবে দিবা-নৈশ গুলপীয়া টেষ্ট ম্যেচ আৰম্ভ হৈছে।

ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ ইডেন গাৰ্ডেনত আজি অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত বাংলাদেশে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ভাৰতীয় পেচ ত্ৰিমুৰ্তিৰ ক্ষুৰধাৰ বলিঙৰ সন্মুখত মধ্যাহ্ন ভোজন বিৰতিৰ পূৰ্বে বিপদত পৰে।

মধ্যাহ্ন ভোজন বিৰতিলৈ বাংলাদেশে ৬ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে মাত্ৰ ৭৩ ৰাণ।

উল্লেখযোগ্য যে, আজি ইডেন গাৰ্ডেনত ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে দিবা-নৈশ টেষ্ট ম্যেচ অনুষ্ঠিত হৈছে।

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা আৰু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ইডেন গাৰ্ডেনৰ বেল বজাই খেলৰ শুভাৰম্ভণি কৰে।

ইডেনৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ বাবে সৌৰভ গাংগুলী নেতৃত্বাধীন বিচিচিআই য়ে প্ৰায় তিনি শতাধিক  অতিথিক আমন্ত্ৰণ জনাইছে।

ভোজন বিৰতিৰ সময়ত দেশৰ টেষ্ট অধিনায়ক সকলক আৰু চাহ বিৰতিৰ সময়ত পিভি সিন্ধু, মেৰীকম, ছানিয়া মিৰ্জা, পোপীচান্দৰ দৰে দেশৰ শিৰ উচ্চ কৰা খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হ’ব।

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ভাৰতৰ ভূমিত দিবা-নৈশ গুলপীয়া বলৰ টেষ্ট ম্যেচ অনুষ্ঠিত কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছিল আৰু সেইমৰ্মে আজিৰ পৰা ইডেনত ঐতিহাসিক গুলপীয়া টেষ্ট অনুষ্ঠিত হৈছে।