NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত আটাছুৰ বৃহৎ জোঁৰ সমদল

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 25, 2019 7:32 am

ৰাজ্যত চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই দেওবাৰে শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাই এক জোঁৰ সমদল বাহিৰ কৰে।

আটাছুৰ কেন্দ্ৰীয় সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত কেইবাশতাধিক নেতা কৰ্মীয়ে চহৰৰ মুক্তিনাথ চাৰিআলিত থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণ  কৰি শিৱসাগৰ চহৰৰ মাজেদি এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে।

ছাত্ৰ সংগঠনটোৱে অতি শীঘ্ৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী উত্থাপন কৰে।

লগতে অনাগত দিনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই দুই দাবীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য যে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ অসমত ২১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে প্ৰতিখন জিলাই নাগৰিকত্ব সংশোংধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত জোঁৰ সমদল বাহিৰ কৰি আহিছে।

আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোহাঁইয়ে কয়,  অসমৰ জনগনে যি সকল ব্যক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে সেই সকল অতি নিৰ্লজ। কাৰণ জাতি মাটি ভেটিৰ কথা কোৱা অসমৰ মুখ্য মন্ত্ৰীয়ে অসমৰ মানুহৰ আবেগ অনুভূতিক জ্বলাঞ্জলি দি অসমীয়া মানুহৰ স্বাভিমানক আঘাত হানি দিল্লীৰ ওচৰত আঁঠু কাঢ়িব বিচাৰিছে।

তেওঁ কয়,  মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ নিৰ্লজতাখিনি আঁতৰাই অসমীয়া মানুহৰ বাবে উৎসৰ্গিত হ’বলৈ আমি  আহ্বান জনাইছো।

জোঁৰ সমদলত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত গগৈ, সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত সন্দিকৈ আৰু দেৱজিত গগৈ, সাংগঠনিক সম্পাদক ভাস্কৰ বৰগোহাঁইকে ধৰি শিৱসাগৰ জিলা আৰু মহকুমা সমিতিৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে।