NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয়ত ৬১ জনৰ মনোনয়নপত্ৰ দাখিল : কংগ্ৰেছৰ পৰা টিকট নাপালে প্ৰাক্তন মন্ত্ৰী চৈয়দুল্লা নংগ্ৰামে

Posted by: এন ই নাও নিউজ February 7, 2018 10:57 am
Sayedullah Nongrum

মেঘালয়ত ৬ ফেব্ৰুৱাৰি দিনটোত মুখ্য মন্ত্ৰী মুকুল চাংমাকে ধৰি মুঠ ৬১ জনে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিল কৰিছে। এই সকলৰ ভিতৰত ১১ জন হ’ল বৰ্তমানৰ বিধায়ক।

মনোনয়ন পত্ৰ দাখিল কৰা প্ৰধান প্ৰাৰ্থীসকলৰ ভিতৰত আছে এন চি পিৰ জন লীছলী কে চাংমা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা (এন পি পি), ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ থমাছ এ চাংমা (এন পি পি), বৰ্তমানৰ বিধায়ক চালেং এ চাংমা (এন চি পি), কংগ্ৰেছী বিধায়ক লেমিনচন ডি চাংমা, প্ৰাক্তন মুখ্য মন্ত্ৰী চালেং মাৰাক (কংগ্ৰেছ), বিধায়ক ৱিন্নাৰছন ডি চাংমা (কংগ্ৰেছ), মুখ্য মন্ত্ৰীৰ পত্নী ডিকানচি ডি শিৰা (কংগ্ৰেছ) আদি।

আনহাতে প্ৰাক্তন মন্ত্ৰী চৈয়দুল্লা নংগ্ৰামে কংগ্ৰেছৰ পৰা টিকট নোপোৱাৰ ফলত তিক্ৰিকিল্লা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে।

আচিক নেশ্যনেল ভলণ্টিয়াৰ কাউন্সিলৰ প্ৰাক্তন প্ৰধান দিলেচ মাৰাকে ডাডেংগ্ৰীৰ পৰা তেওঁৰ মনোনয়নপত্ৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে ক্ৰীড়া মন্ত্ৰী জেনিথ চাংমা আৰু তেওঁৰ পত্নী সিদ্ধিৰাণী চাংমাৰ লগতে বন মন্ত্ৰী ক্লেমেণ্ট মাৰাকে আজি অন্তিম দিনা মনোনয়নপত্ৰ দিয়াৰ কথা।

এয়া হ’ব মেঘালয়ৰ দশম বিধানসভাৰ নিৰ্বাচন। বৰ্তমান ৰাজ্যখনত মুখ্য মন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত কংগ্ৰেছে শাসন কৰি আছে। এই নিৰ্বাচনৰ বাবে ৭ ফেব্ৰুৱাৰি, অৰ্থাৎ আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম তাৰিখ।

উল্লেখযোগ্য যে ত্ৰিপুৰা, নাগালেণ্ডকে ধৰি মেঘালয়তো অলপতে নিৰ্বাচন অনুষ্ঠিত হ’ব। ত্ৰিপুৰাত ১৮ ফেব্ৰুৱাৰিত হোৱাৰ বিপৰীতে নাগালেণ্ড আৰু মেঘালয়ত অনুষ্ঠিত হোৱাৰ কথা ২৭ ফেব্ৰুৱাৰিত। আনহাতে ভোটগণনা হ’ব অবা ৩ মাৰ্চত।