NORTHEAST NOW (Assamese)
অসম

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ ‘সাহিত্যাচার্য সন্মান ২০১৯’

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 25, 2019 8:25 pm
20191125_192312

বছৰৰ শেষত শিৱসাগৰবাসীলৈ এক সুখবৰ। মিচিং ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি, বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ ‘সাহিত্যাচার্য ২০১৯’ সন্মান।

অসমীয়া ভাষা সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাই সাহিত্যিক নাহেন্দ্র পাদুনলৈ ২০১৯ বর্ষৰ ‘সাহিত্যাচার্য সন্মান’ আগবঢ়াইছে।

অহা ২৭ নৱেম্বৰত মাছখোৱা প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত অনুস্থিত হ’ব লগীয়া অসম সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অনুস্থান ‘সমাৱৰ্তন ২০১৯’ ত এই এই সন্মান প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

উক্ত অনুস্থানত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ৰ লগতে সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্রুৱজ্যোতি বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্রকাশজ্যোতি সন্দিকৈৰ দৰে কেইবাজনো গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হ’ব।

শিৱসাগৰ মহাবিদ্যালয় জয়সাগৰৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা নাহেন্দ্র পাদুনে অসমীয়া সাহিত্যৰ লগতে মিচিং সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে।

শিৱসাগৰৰ গণকপটিৰ সেউজপুৰৰ নিৱাসী নাহেন্দ্র পাদুনলৈ অসম সাহিত্য সভাই আগবঢ়োৱা এনে সন্মানৰ বাবে স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে শিৱসাগৰবাসী তথা ৰাজ্যৰ সাহিত্য অনুৰাগীসকল।