NORTHEAST NOW (Assamese)
অসম

কাণত পানী সোমাইছে? মূৰ নোজোকাৰিব, মদ ঢালক আৰু নষ্ট হোৱাৰ পৰা বচাওক মগজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 10:30 pm
Want to remove water from ear? Shaking head can damage your brain: study by Cornell University

আমি কাণত পানী সোমালে সাধাৰণতে একাষৰীয়া কৰি মূৰ জোকাৰি সেয়া বাহিৰ কৰিব খোজো। কিন্তু, গৱেষকৰমতে, ইয়াৰ ফলত নষ্ট হৈ যাব পাৰে মগজু।

তাৰ পৰিৱৰ্তে আপুনি কাণত অলপ মদ (alcohol) বা ভিনেগাৰৰ টোপাল দি সমস্যাটো সমাধান কৰিব পাৰে, বিজ্ঞানীসকলৰ দিহা।

গৱেষণাটো ইউ এছৰ প্ৰখ্যাত কৰ্নেল ইউনিভাৰ্ছিটি আৰু ভাৰ্জিনিয়া টেকৰ।

ব্ৰেইন দেমেজটো বাৰু পিছত, মদ বা ভিনেগাৰ কিয়?

কাৰণ, মদ বা ভিনেগাৰৰ পৃষ্ঠটান (surface tension) পানীতকৈ কম। গৱেষকৰমতে, পৃষ্ঠটানৰ বাবে পানীখিনি কাণৰ পৰা ওলাই আহিব নোখোজে।

পৃষ্ঠটান কি? ধৰক, গিলাচ এটাত আপুনি উপচি যোৱাকৈ পানী ৰাখিছে। দেখিব, গিলাচৰ পৃষ্ঠভাগতকৈ সামান্য ওপৰলৈকে পানী ভৰালেও এটা নিৰ্দিষ্ট পৰিমাণলৈকে পানীখিনি বাগৰি নপৰাকৈ থাকে।

পানীখিনি স্ফীত, টান খাই থকাৰ দৰে থাকে, কিন্তু এটা নিৰ্দিষ্ট মাত্ৰালৈকে সি বাগৰি নপৰাকৈ থাকিব খোজে—সেয়া পৃষ্ঠটানৰ ফল।

পানীৰ উপৰিভাগৰ কণাসমূহ (particles)ৰ আকৰ্ষণৰ ফলত এই পৃষ্ঠটানৰ সৃষ্টি হয়।

মদ, ভিনেগাৰৰ দৰে কম পৃষ্ঠটানৰ জুলীয়া পদাৰ্থই পানীৰ পৃষ্ঠটান ভাঙি দিয়াৰ ফলত পানীখিনি কাণৰ পৰা সহজে ওলাই আহে আৰু আপুনি মূৰ জোকাৰিব নালাগে।

এতিয়া ব্ৰেইন দেমেজ! গৱেষকসকলৰমতে, কাণত সোমোৱা পানী উলিয়াবলৈ জোকাৰাৰ তীব্ৰতাই মাথা নষ্ট কৰিব পাৰে আৰু লগতে মুকলি কৰিব পাৰে সংক্ৰমণৰ বাট।

সত্যটো হ’ল, মুখগহ্বৰ বা কাণৰ দৰে মগজুৰ সৈতে লাগি থকা যিকোনো অংশতে সংক্ৰমণ অত্যন্ত বিপজ্জনক আৰু সি চিধা আৰু সহজে মগজুলৈ বিয়পিব পাৰে।

গৱেষকৰমতে, শিশুৰ ক্ষেত্ৰত মাথা নষ্ট হোৱাৰ সম্ভাৱনা প্ৰাপ্তবয়স্কতকৈ বহুত বেছি। কাৰণ, শিশুৰ কাণৰ পথটো সৰু।

তেওঁলোকে কৰা পৰীক্ষামতে, শিশুৰ কাণৰ পৰা পানী উলিয়াবলৈ প্ৰয়োজন হোৱা জোকাৰণি পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিতকৈ ১০গুণ বেছি।

সৌভাগ্যক্ৰমে, এই ফল পাবলৈ কাৰোবাৰ মাথা নষ্ট কৰিব লগা হোৱা নাই। গ্লাছ টিউব আৰু কৰ্ণগহ্বৰৰ ৩দি প্ৰিণ্টেদ মদেলত তেওঁলোকে এই পৰীক্ষা কৰিছে।

গৱেষণাটোত ভাৰতীয় মূলৰ বিজ্ঞানী অনুজ বাকচ’তাও জৰিত আছিল।

২৩ নৱেম্বৰত ইউ এছৰ চিয়াতলত এমেৰিকান ফিজিকেল চ’চাইটিৰ এক বাৰ্ষিক সভাত এই অধ্যয়ন দাখিল কৰা হৈছিল।