NORTHEAST NOW (Assamese)
অসম

সীমান্তত শত্ৰুৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ উদ্দেশ্যে মহাকাশলৈ ইছৰোৰ কাৰ্টোচেট-৩ উপগ্ৰহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2019 12:33 pm
IRSO

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ৰাতিপুৱা ৯.২৮ বজাত কাৰ্টোচেট-৩ উপগ্ৰহ সফলভাৱে উৎক্ষেপন কৰে।

ইছৰোই মহাকাশলৈ প্ৰেৰণ কৰা এই উপগ্ৰহই আন্তঃৰাষ্ট্ৰীয় সীমান্তত শত্ৰুৰ গতিবিধিৰ ওপৰত চোকা নজৰ ৰাখিবলৈ সক্ষম হ’ব।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিৰ্মাণ কৰি উলিওৱা শক্তিশালী কাৰ্টোচেট উপগ্ৰহৰ সহায়ত সীমান্তত পহৰাৰ ব্যৱস্থা অধিক ছিদ্ৰহীন কৰি তুলিব পৰা যাব।

আজি ৰাতিপুৱা ইছৰোই পি এছ এল ভি-৪৭ ৰকেটৰ সহায়ত কৃত্ৰিম উপগ্ৰহটো সফলতাৰে মহাকাশলৈ প্ৰেৰণ কৰে।

ইছৰোৰ কাৰ্টোচেট-৩ উপগ্ৰহই ভাৰতীয় সেনা বাহিনীক আৰু আন আন প্ৰতিৰক্ষা বাহিনী সমূহক ভাৰত-পাকিস্তান, ভাৰত-চীন সীমান্তত শত্ৰুৰ গতিবিধিৰ ওপৰত নজৰ ৰখাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

উল্লেখযোগ্য যে, পাকিস্তানৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতৰ ভূমিত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰি আহিছে। এতিয়া কাৰ্টোচেট উপগ্ৰহই প্ৰেৰণ কৰা মানচিত্ৰৰ সহায়ত নিৰাপত্তাৰক্ষী বাহিনীয়ে শত্ৰুৰ অনুপ্ৰৱেশ আৰু অৱস্থান সম্পৰ্কে আগতীয়াকৈ জানিবলৈ সক্ষম হ’ব।