NORTHEAST NOW (Assamese)
অসম

চলিত বিত্তীয় বৰ্ষত উত্তৰ-পূবত ১৭২৮.০৪ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ হৈছে ৬৫২ টা প্ৰকল্প : ড’নাৰ মন্ত্ৰী

November 28, 2019 5:33 pm
Jitendra Sing

‘‘চলিত বিত্তীয় বৰ্ষত উত্তৰ-পূবত ১৭২৮.০৪ কোটি টকা ব্যয় সাপেক্ষে মুঠ ৬৫২ টা প্ৰকল্প সম্পূৰ্ণ হৈছে। ড’নাৰ মন্ত্ৰ্যালয়ে ২০১৯-২০ বিত্তীয় বৰ্ষত উত্তৰ-পূবৰ বিভিন্ন প্ৰকল্পৰ বাবে আৱণ্টিত বাজেটৰ মুঠ ৫৭.৬০ শতাংশ কাম সম্পূৰ্ণ কৰিছে’’, ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে এটা প্ৰশ্নৰ উত্তৰত বৃহস্পতিবাৰে ৰাজ্যসভাত এনেদৰে কয়।

ড’নাৰ মন্ত্ৰী গৰাকীয়ে ২০১৯-২০ বিত্তীয় বৰ্ষত উত্তৰ-পূবৰ বিকাশৰ বাবে মুঠ ৩০০০ কোটি টকা আৱণ্টন জনাইছিল বুলি উল্লেখ কৰি ইয়াৰ ভিতৰত ২১ নৱেম্বৰলৈ ১৭২৮.০৪ কোটি টকাৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছে বুলি জনায়।

তেওঁ লগতে আৱণ্টিত মুঠ ৬৫৭ টা প্ৰকল্পৰ ভিতৰত ৬৫২ টা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বুলি ৰাজ্যসভাত উল্লেখ কৰে।

আনহাতে, ড’নাৰ মন্ত্ৰ্যালয়ৰ প্ৰকল্পৰ কাম-কাজ তথা প্ৰকল্পৰ অগ্ৰগতি, পৰ্যালোচনাৰ বিষয়ে অনলাইন ই-পোৰ্টেল তথা প্ৰকল্প ব্যৱস্থাপনা সেৱাৰ জৰিয়তে বিস্তাৰিত ৰূপে জানিব পাৰিব বুলিও সিঙে কয়।

তদুপৰি, উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে ড’নাৰ মন্ত্যালয়ে যুটীয়া সচিৱৰ সমপৰ্যায়ৰ মুখ্য ন’ডাল বিষয়া আৰু সঞ্চালক পদৰ সমপৰ্যায়ৰ ন’ডাল বিষয়াৰ নিযুক্তি দিছে বুলিও সিঙে জানিবলৈ দিয়ে।

জিতেন্দ্ৰ সিঙে লগতে কয়, ড’নাৰ মন্ত্যালয়ে উত্তৰ-পূবৰ বিকাশৰ বাবে হাতত লোৱা প্ৰকল্প সমূহৰ অগ্ৰগতিৰ ধাৰাবাহিক পৰ্যালোচনা কৰাৰ লগতে বিষয়া সকলৰ সৈতে সঘনে বৈঠকত অংশ লয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূবলৈ চোৱা নীতিৰ আধাৰত বিজেপি চৰকাৰে উত্তৰ-পূবৰ সৰ্বাংগীন বিকাশৰ বাবে বদ্ধ পৰিকৰ বুলি ৰাজ্যসভাত সিঙে কয়।