NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ ষষ্ঠ সংযোজনত বনবিভাগ-আৰক্ষীৰ যৌথ অভিযান : অস্ত্ৰসহ দুজন গঁড় চিকাৰী আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 29, 2019 7:28 am
IMG-20191128-WA0113

গোপন সুত্ৰৰ পম খেদি বিশ্বনাথ চাৰিআলিৰ আৰক্ষী আৰু বন বিভাগে যৌথ ভাৱে চলোৱা এক অভিযানত দুজন গঁড় চিকাৰীক কৰায়ত্ত কৰাৰ লগতে এটা ৩৹৩ ৰাইফলো উদ্ধাৰ কৰে ৷

বৃহস্পতিবাৰে সন্ধিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ বালিদুবি চাপৰিত চাৰি কিলোমিটাৰতকৈও অধিক পথ খোজ কাঢ়ি গঁড় হত্যাৰ প্ৰস্তুতি চলোৱাৰ সময়তে অভিযানকাৰী দলটোৱে চোৰাংচিকাৰী দুজনক কৰায়ত্ত কৰে ৷

ধৃত চিকাৰী দুজন হ’ল বিশ্বনাথ চাৰি আলিৰ কমাৰগাওঁৰ আয়ুব নৱী আৰু জিনজিয়াৰ চিলামাৰী গাওঁৰ ইমৰান আলি ৷

ধৃত চোৰাংচিকাৰী দুজনৰ পৰা অভিযানকাৰী দলে এটা ৩৹৩ ৰাইফল আৰু এটা মেগজিন উদ্ধাৰ কৰে ৷

বিশ্বনাথ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মুজ্জাফৰ আলি আৰু বিশ্বনাথ বন সংমণ্ডলৰ অপৰাধ অনুসন্ধান ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই এই বিশেষ অভিযানৰ নেতৃত্ব দিয়ে ৷

কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত গঁড় হত্যাৰ এই পৰিকল্পনাত জড়িত চোৰাংচিকাৰী দলৰ বাকী সদস্যসকলক কৰায়ত্ত কৰাৰ বাবে ধৃত চিকাৰীদ্বয়ক জেৰা কৰাৰ লগতে অভিযানো অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে ৷