NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সমাজকৰ্মী নীলকমল সিঙৰ বিয়োগত মুখ্য মন্ত্ৰী সৰ্বানন্দৰ শোক

Posted by: এন ই নাও নিউজ February 7, 2018 5:48 pm
মুখ্য মন্ত্ৰী

ভাৰতীয় কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যালয় সম্পাদক নীলকমল সিঙৰ বিয়োগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

এন ই নাওলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘বিশিষ্ট সমাজ কৰ্মী গৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰলৈ সেৱা আগবঢ়োৱাৰ উপৰি ভাৰতীয় কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যালয় সম্পাদক হিচাপে মৃত্যুৰ আগমুহূৰ্তলৈকে নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই গৈছে।‘ তেওঁৰ বিয়োগ সমগ্ৰ ৰাজ্যখনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে ভাৰতীয় কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যালয় সম্পাদক নীলকমল সিঙৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।