NORTHEAST NOW (Assamese)
অসম

শীৰ্ষস্থানৰ লক্ষ্যৰে জামছেদপুৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব অপৰাজেয় নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2019 4:21 pm
80cd6-15403612500922-800

চলিত আই এছ এলত অপৰাজেয় নৰ্থ-ইষ্ট য়ুনাইটেডে আজি নিজৰ ষষ্ঠখন মেচত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

মেচখন জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

আজিৰ এই হাইভল্টেজ মেচখন বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো যিটো দলে জয়লাভ কৰিব সেই দলটোৱে তালিকাৰ শীৰ্ষলৈ উত্তৰণ কৰিব।

উল্লেখ্য যে ১০ পইণ্টেৰে জামছেদপুৰ দল তৃতীয় স্থানত থকাৰ বিপৰীতে ৯ পইণ্টেৰে চতুৰ্থ স্থানত আছে নৰ্থ-ইষ্ট য়ুনাইটেড।

মেচখন সন্দৰ্ভত নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নিয়ে কয়, ‘জামছেদপুৰ ভাল দল। তেওঁলোকৰ ডিফেন্স আৰু আক্ৰমণ বিভাগত ভাৰসাম্য আছে। কঠিন হ’লেও আমি জয়ৰ বাবে খেলপথাৰত নামিম’।

সম্ৰ্তব্য যে গুৱাহাটীত খেলা অন্তিমখন মেচত নৰ্থ-ইষ্ট য়ুনাইটেডে মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে ড্ৰ খেলিছিল। এই পৰ্যন্ত দলটোৰ যাত্ৰাৰ ফলাফল হ’ল ড্ৰ, জয়, ড্ৰ, জয় আৰু ড্ৰ।

ইফালে জামছেদপুৰ দলৰ আত্মবিশ্বাস তুংগত। অন্তিমখন মেচত জামছেদপুৰ দলে গোৱাক পৰাস্ত কৰিছে।