NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী হিমন্ত বিশ্বৰ বিৰুদ্ধে পাণ বজাৰ থানাত গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 3, 2019 8:08 pm
Independence Day: Himanta Biswa Sarma offers aid for ICU patients in Assam

বিধানসভাৰ মজিয়াত “জয় বংলাদেশ” ধ্বনি দিয়া মন্ত্ৰী হিমন্ত বিশ্বৰ বিৰুদ্ধে আজি কেইবাজনো কটনিয়ানে পাণ বজাৰ থানাত এটা গোচৰ দিয়ে।

সততে বিতৰ্কিত মন্তব্যৰ বাবে হিমন্তক “কুখ্যাত” আখ্যা দি মন্ত্ৰীজনে বিধানসভাৰ মজিয়াত যোৱা ২৮ নৱেম্বৰত অধিৱেশনৰ কাৰ্য্যসূচী চলি থকাৰ মাজতে “জয় বাংলাদেশ” ধ্বনি দিছিল বুলি এজাহাৰখনত কোৱা হৈছে।

সেই সময়ত বিৰোধীৰ একাংশ সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়কখন অনাৰ বিৰুদ্ধে সদনৰ মজিয়াত প্ৰতিবাদ কৰি আছিল, এজাহাৰখনত কোৱা হয়।

“অভিযুক্তজনৰ এনেকুৱা মন্তব্যই ৰাজ্যখনত বাস কৰা বিভিন্ন জাতি, জনগোষ্ঠী, ভাষিক গোটৰ মাজত বিদ্বেষৰ মনোভাবক উদগনি দিব পাৰে”, এজাহাৰখনত কটনিয়ানকেইজনে লিখে।

তেওঁলোকে ইয়াক সম্প্ৰীতি বিনষ্ট কৰাৰ মন্ত্ৰীজনৰ অপচেষ্টা বুলিও কয়।

আনহাতে মন্ত্ৰী হিমন্তৰ এনেকুৱা মন্তব্য কৰাৰ এইটো একমাত্ৰ উদাহৰণ নহয় বুলি উল্লেখ কৰি লিখিছে, “অভিযুক্ত ব্যক্তিজনে এনেকুৱা অপৰাধমূলক কাৰ্য্য কৰি আহিছে”।

তাৰোপৰি এজাহাৰখনত মন্ত্ৰীজনে এনেকুৱা ধাৰাবাহিক মন্তব্যৰ জৰিয়তে তেওঁ সমাজখনত বিভেদ সিঁচিবলৈ চেষ্টা কৰিছে বুলি কোৱা হয়।

তেওঁক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩ (এ)-ৰ অধীনত গোচৰ ৰুজু কৰি তৎক্ষণাত গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।